NORTHEAST NOW (Assamese)
অসম

অইল-আইটা ছুপাৰ ছিৰিজ টেনিছ চেম্পিয়নশ্বিপত উজলিল অসমৰ জিজ্ঞাসমান হাজৰিকা

Posted by: এন ই নাও নিউজ July 21, 2018 7:48 am
o-3-570x320

অইল-আইটা ছুপাৰ ছিৰিজ টেনিছ চেম্পইয়নশ্বিপত ১২বছৰ অনূৰ্ধ্বৰ ল’ৰাৰ একক শাখাত অসমৰ পঞ্চম বাচনিৰ প্ৰতিযোগী জিজ্ঞাসমান হাজৰিকা বিজয়ী হৈছে। আনহাতে ১৪ অনূৰ্ধ্বৰ ল’ৰাৰ একক শাখাত মণিপুৰৰ বুছান হাওবাম বিজয়ী হৈছে।

বৃহস্পতিবাৰে গুৱাহাটীস্থ সদৌ অসম টেনিছ সন্থাৰ (আটা) চৌহদত এই প্ৰতিযোগিতাৰ সামৰণি পৰে।

ফাইনেলত জিজ্ঞাসমানে দিল্লীৰ দ্বিতীয় বাচনিৰ হৰ্ষ ফোগাটক ৬-৩, ৬-২ৰ পোনপটীয়া ছেটত পৰাস্ত কৰে। একেদৰে বুছানে  হাৰিয়ানাৰ য়ুৱান নন্দালকক ৬-২, ২-১ৰ পোনপটীয়া ছেটত পৰাস্ত কৰিবলৈ সক্ষম হয়।

১৪ বছৰ অনূৰ্ধ্বৰ ল’ৰাৰ দ্বৈত শাখাত কৰ্ণাটকৰ আয়ুষ পি ভাটৰ সৈতে যুটীয়াভাৱে বিজয়ীৰ খিতাপ অৰ্জন কৰে অসমৰ অংচিত গগৈয়ে। ফাইনেলত এই যুটীটোৱে মণিপুৰৰ বুছান হাওবাম আৰু ভিকি ছাগোলছেমৰ যুটীটোক ১-৬, ৬-১ আৰু ১০-৮ৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয়।

আনহাতে, ছোৱালীৰ একক শাখাত গুজৰাটৰ ষষ্ঠ বাচনিৰ প্ৰতিযোগী ইৰা শ্ৰেণিক শ্বাহে তেলংগানাৰ পঞ্চম বাচনিৰ প্ৰতিযোগী ঋধি চৌধুৰী পোকাক ৬-২, ৭-৫ৰ পোনপটীয়া ছেটত পৰাস্ত কৰে।  ছোৱালীৰ ১২ৰ অনূৰ্ধ্বৰ একক শাখাত মহাৰাষ্ট্ৰৰ শীৰ্ষ বাচনিৰ বৈষ্ণৱী আদকাৰে মহাৰাষ্ট্ৰৰ দ্বিতীয় বাচনিৰ প্ৰতিযোগী পৰী সিঙক ৬-৪, ৬-১ৰ পোনপটীয়া ছেটত পৰাস্ত কৰি বিজয়ীৰ খিতাপ  অৰ্জন কৰে।

সদৌ অসম টেনিছ সন্থাৰ (আটা) সম্পাদক অংকুশ দত্ত আৰু প্ৰতিযোগিতা তত্বাৱধায়ক সুৰজিত বন্দোপাধ্যায়ে ট্ৰফি আৰু প্ৰমাণপত্ৰসমূহ বিতৰণ কৰে।