NORTHEAST NOW (Assamese)

অইল ইণ্ডিয়া লিমিটিডলৈ চৰকাৰী ভাষা ৰূপায়ণৰ প্ৰথম স্থানৰ বঁটা

March 11, 2018 10:33 pm · স্মিতা ভট্টাচাৰ্য

২০১৬-১৭ বৰ্ষত উত্তৰ-পূবত চৰকাৰী ভাষাৰ ৰুপায়ন আৰু প্ৰসাৰৰ ক্ষেত্ৰত দেখোৱা অত্যুত্তম প্ৰদৰ্শণৰ বাবে গুৱাহাটীত অৱস্থিত অইল ইণ্ডিয়া লিমিটেড পাইপলাইন মখ্যকেন্দ্ৰক প্ৰথম পুৰষ্কাৰেৰে সন্মানীত কৰা হয়।

পাটনাৰ জ্ঞান ভৱনৰ সম্ৰাট অশোক সভা কেন্দ্ৰত শনিবাৰে অনুষ্ঠিত ৰাজভাষা সন্মিলন আৰু বঁটা বিতৰনি অনুষ্ঠানত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব ব্ৰিজেশ মেহৰোত্ৰাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৰ পৰা প্ৰতিষ্ঠানটোৰ পাইপলাইন সেৱাৰ মুখ্য পৰিচালন সঞ্চালক বিজন কুমাৰ মিশ্ৰই সন্মানিয় ৰাজভাষা বঁটা গ্ৰহণ কৰে বুলি অইলৰ যোগাযোগ আৰু সম্পৰ্ক ৰক্ষা বিভাগৰ ডি জি এম জয়ন্ত বৰুৱাই সদৰী কৰে।

সঞ্চালক (চৰকাৰী ভাষা) নাৰায়ণ শৰ্মাই প্ৰশংসা পত্ৰ গ্ৰহণ কৰে। বৰুৱাই কয় যে প্ৰতিষ্ঠানটোৱে এইবাৰৰ সৈতে পঞ্চম বাৰৰ কাৰণে উক্ত বঁটা লাভ কৰিছিল।

উল্লেখযোগ্য যে ৰাজভাষাৰ ৰূপায়ণ আৰু প্ৰসাৰৰ উদ্দেশ্যে গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰত্যেক বছৰে উক্ত বঁটা প্ৰদান কৰি আহিছে।

ৰাজহুৱা সেৱা শাখাত অইল ইণ্ডিয়া লিমিটিডে উক্ত বঁটাটো লাভ কৰিছে।

Related News