NORTHEAST NOW (Assamese)

অখিল গগৈৰ বিৰুদ্ধে অৰ্কিড উদ্যানৰ নামত বনাঞ্চলৰ মাটি বেদখলৰ অভিযোগ

February 26, 2018 5:51 pm · উত্তম শইকীয়া

অখিল গগৈৰ বিৰুদ্ধে অৰ্কিড উদ্যানৰ নামত মাটি দখল কৰাৰ অভিযোগ তুলি গুৱাহাটীৰ দুলাল বৰা নামৰ ব্যক্তিজনে বোকাখাত থানাত এক এজাহাৰ দাখিল কৰিছে।

খানাপাৰাৰ কন্যাধৰা তিনি আলিৰ নিবাসী দুলাল বৰাই দাখিল কৰা এজাহাৰ আধাৰত বোকাখাত থানাত ১০০/১৮ নম্বৰৰ এটা গোচৰো পঞ্জীয়ন কৰিছে বোকাখাত আৰক্ষীয়ে ৷

এজাহাৰ খনত উল্লেখ কৰা মতে অখিল গগৈয়ে কাজিৰঙাৰ দূৰ্গাপুৰত কাজিৰঙা অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানৰ নামত বনাঞ্চলৰ বহু চৰকাৰী ভূমি বেদখল কৰিছে।

দুলাল বৰা

ইয়াৰ বাবে অখিল গগৈয়ে বহু ৰাজহ আৰু বন বিষয়াক ‘মেনেজো’ কৰিছে উল্লেখ কৰি বৰাই দাখিল কৰা এজাহাৰখনত অভিযোগ কৰে যে উক্ত ভূমি বেদখল কাৰ্যৰ উপৰিও প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পৃষ্ঠপোষকতাত বিভিন্ন চৰকাৰী আঁচনিৰে অখিল গগৈক ৫ কোটি টকাৰ অনুদান দিয়া হৈছে।

এজাহাৰ দিয়া অভিযোগকাৰী দুলাল বৰাৰ মতে কাজিৰঙা অৰ্কিড আৰু জৈব বৈচিত্ৰ উদ্যানৰ নামত কৃষক নেতা অখিল গগৈয়ে স্থানীয় বহু অৰ্কিডৰ চোৰাং কাৰবাৰৰ জড়িয়তে বহু বিৰল প্ৰজাতিৰ অৰ্কিড বিদেশলৈ সংগোপনে ৰপ্তানি কৰি আহিছে ৷

অখিল গগৈক অৰ্কিড মাফিয়া বুলি অভিহিত কৰি ২৪ ঘন্টাৰ ভিতৰত কৃষক নেতা জনৰ লগতে তেওঁৰ সহযোগি বিদ্যুত শইকীয়া, দেবব্ৰত শইকীয়া, মৃনাল নাথ, ৰতন দাৱ , প্ৰাঞ্জল কাকতি ওৰফে পুতুকন, মহেন মৰাং আৰু ৰাজু সন্দিকৈকো গ্ৰেপ্তাৰ কৰিবৰ বাবে এজাহাৰত উল্লেখ কৰিছে ৷

অভিযোগকাৰী দুলাল বৰাই এজাহাৰৰ সৈতে কেতবোৰ যাৱতীয় তথ্যও বোকাখাতৰ আৰক্ষীৰ হাতত অৰ্পণ কৰিছে ৷

Related News