NORTHEAST NOW (Assamese)
অসম

গণস্বাক্ষৰ অভিযান চলোৱা মীৰা বৰঠাকুৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ হুংকাৰ ৰাজ্যিক বিজেপিৰ

Posted by: কল্পজ্যোতি শইকীয়া May 13, 2018 3:26 pm
BJP_Urgent_Meeting_Photo

দলীয় স্থিতিলৈ কেৰেপ নকৰি অসমীয়াৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰি অহা আৰু তাৰ বাবে বিভিন্ন কাৰ্য্যসূচীত ভাগ লোৱা বিজেপি নেত্ৰী মীৰা বৰঠাকুৰ সন্মুখীন হ’ব পাৰে দলীয় অনুশাসনৰ।

আজি বিধেয়কখনৰ বিৰুদ্ধে ব্যক্তিগত উদ্যোগত গণস্বাক্ষৰ অভিযান আৰম্ভ কৰা, তথা এই অভিযানৰ সময়ত জয় আই অসম ধ্বনি দিয়া নেত্ৰীগৰাকীৰ স্থিতিত ৰাজ্যিক বিজেপি ক্ষুণ্ণ হৈ পৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আজি নেত্ৰীগৰাকীয়ে বেলতলাত গণস্বাক্ষৰ অভিযান চলাই থকাৰ মাজতে কৃষক মুক্তিৰ নেতা অখিল গগৈৰ সৈতে বিষয়টো সন্দৰ্ভত অনানুষ্ঠানিক মত বিনিময় কৰাৰ লগতে বিষয়টোত ঐকমত্য প্ৰকাশ কৰিছিল। লগতে দুয়োজন নেতা-নেত্ৰীয়ে হাতত ধৰাধৰিকৈ জয় আই অসম ধ্বনিও দিছিল।

আজি বিজেপিয়ে দল বিৰোধী স্থিতি লোৱাসকলৰ বিষয়ে আলোচনা কৰিবলৈ মহানগৰীৰ হেঙেৰাবাৰীস্থিত দলৰ কাৰ্য্যালয়ত এখন জৰুৰী সভা আহ্বান কৰে। সভাৰ পিছত সাংবাদিকৰ আগত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে দলবিৰোধী কাৰ্য্যকলাপত জড়িত আৰু দলৰ বিৰুদ্ধাচৰণ কৰি মন্তব্য কৰাসকলৰ বিৰুদ্ধে দলে ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে তেওঁ সকলোকে এনেকুৱা দলৰ বিৰুদ্ধাচৰণ

সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত দাসে কয়, দলৰ সন্মতি নোহোৱাকৈ গণস্বাক্ষৰ অথবা অন্য দলবিৰোধী কাম কৰাসকল অথবা মন্তব্য দিয়াসকলৰ বিৰুদ্ধে দলে বিহিত ব্যৱস্থা ল’ব। আজিৰ সভাত এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ কয়।

সাংবাদিকে নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত বিজেপিৰ দলীয় স্থিতিৰ বিষয়ে সোধাত দাসে জনায় যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দলটোৱে এন আৰ চি উন্নীতকৰণৰ কাম সম্পূৰ্ণৰ পিছতহে প্ৰকাশ কৰিব স্থিতি। এন আৰ চি ৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ পিছত সকলো দল-সংগঠনৰে সৈতে বিজেপি এক আলোচনাত মিলিত হ’ব।

Akhil_Meera

আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাত পুনৰ শুনানি গ্ৰহণৰ বাবে অনুৰোধ জনাব ৰাজ্যিক বিজেপিয়ে। সকলো দল-সংগঠনক শান্তিপূৰ্ণভাৱে শুনানিত অংশগ্ৰহণ কৰাৰ লগতে ৰাইজক শান্তিপূৰ্ণভাৱে স্মাৰকপত্ৰেৰে নিজৰ মত দিবলৈ ৰঞ্জিত দাসে আহ্বান জনাইছে।

অসমত বৰ্তমান আৱেগজৰ্জৰিত পৰিৱেশ চলি থকাৰ সময়ত যুক্তিৰ স্থান নাই। ১ কোটি ৭০ লাখ হিন্দু বাংলাদেশী অসমলৈ অহা কথাটো সম্পূৰ্ণ মিছা। এনে কথা কৈ থকা সংগঠনৰ প্ৰতি প্ৰত্যাহ্বান জনোৱাৰ লগতে অসমত অশান্তিকৰ পৰিৱেশ সৃষ্টি নকৰিবৰ বাবে আহ্বান। এন আৰ চি ৰ কামত বিধি-পথালি দিয়াৰ বাবে কিছুমান সংগঠনে এনেবোৰ ভুৱা প্ৰচাৰত লিপ্ত হৈছে।

দাসে তৎপৰ্য্যপূৰ্ণভাৱে মন্তব্য কৰে যে কংগ্ৰেছ চৰকাৰে আইন গ্ৰহণ কৰিলে অসমলৈ আহি আইনৰ শুনানি লোৱা নাছিল। কিন্তু জে পি চি অসমলৈ আহিছে শুনানি গ্ৰহণৰ বাবে।

উল্লেখযোগ্য যে আজিৰ দলীয় বৈঠকখনত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে, উপ-সভাপতি বিশ্বৰূপ ভট্টাচাৰ্য্য, দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, নেডাৰ সভাপতি ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য ভালেমান বিষয়ববীয়া উপস্থিত আছিল।