NORTHEAST NOW (Assamese)
উত্তৰ-পূব

অজৈৱিক পাচলি আমদানি নিষিদ্ধকৰণ প্ৰত্যাহাৰৰ দাবী ছিকিম ক্ৰান্তিকাৰী মঞ্চৰ

Posted by: এন ই নাও নিউজ April 10, 2018 2:03 pm
SKM

জৈৱিক কৃষিক উৎসাহিত কৰিবলৈ ছিকিম চৰকাৰে ৰাজ্যখনত অজৈৱিক পাচলি আমদানি নিষিদ্ধকৰণ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ তাৰ তীব্ৰ বিৰোধিতা কৰিছে ছিকিম ক্ৰান্তিকাৰী মঞ্চই।

সোমবাৰে এক সংবাদমেলযোগ ক্ষোভ প্ৰকাশ কৰি ছিকিম ক্ৰান্তিকাৰী মঞ্চই মুখ্যমন্ত্ৰী পৱন চামলিঙক উক্ত নিষিদ্ধকৰণ প্ৰত্যাহাৰ কৰাৰ দাবী জনায়।

গেংটকত আয়োজিত এক সংবাদমেল যোগে মঞ্চই কয়— ‘ৰাজ্য চৰকাৰখনে জৈৱিক পাচলিৰ ভঁৰাল আৰু উৎপাদন ক্ষমতাৰ বাস্তৱ পৰ্যালোচনা নকৰি এই নিষিদ্ধকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে প্ৰকৃততে জৈৱিক কৃষিৰ লগত জড়িত কৃষকসকলৰ উৎপাদন ক্ষমতা বিচাৰ কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা উচিত আছিল’।

অনহাতে সংবাদমেলখন যোগে মঞ্চই ৰাজ্যখনত অজৈৱিক পাচলি আমদানি নিষিদ্ধকৰণ পৰ্যায়ক্ৰমে কৰা উচিত আছিল বুলি মন্তব্য কৰি চৰকাৰে কৃষিক্ষেত্ৰৰ লগত জড়িত পানীযোগানৰ দৰে বিভিন্ন সমস্যা সমাধানতহে প্ৰথমে গুৰুত্ব আৰোপ কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰে।

একদৰে এই সমগ্ৰ বিষয়টোত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পৱন চামলিঙক অন্ধকাৰত ৰখা হৈছে বুলিও অভিযোগ কৰে ছিকিম ক্ৰান্তিকাৰী মঞ্চই।

এইক্ষেত্ৰত হোৱা প্ৰতিবাদ- প্ৰতিক্ৰিয়াৰ পাছত ৰাজ্য চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।