NORTHEAST NOW (Assamese)
অসম

অধিক কাৰ্যকৰী বিষনাশক ঔষধ আৱিষ্কাৰ কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকে

Posted by: প্ৰণৱকুমাৰ দাস January 22, 2018 9:24 pm

তেজপুৰ বিশ্ববিদ্যালয় তথা সমগ্ৰ ৰাজ্যখনলৈকে সুসংবাদ কঢ়িয়াই বিশ্ববিদ্যালয়খনৰ এজন অধ্যাপক-গৱেষকে সাপৰ বিষ নাশ কৰিব পৰা অধিক কাৰ্য্যকৰী ঔষধ আৱিষ্কাৰ কৰিছে। এই কৃতিত্বপূৰ্ণ কামটো কৰিছে বিশ্ববিদ্যালয়খনৰ মলিকিউলাৰ বায়’লজি আৰু বায়’টেকন’লজিৰ বিভাগৰ অধ্যাপক আশিস কুমাৰ মুখাৰ্জীয়ে।

উল্লেখযোগ্য যে তেওঁ কলকাতা বিশ্ববিদ্যালয়ৰ পৰা বায়’টেকন’লজি বিভাগত সাপৰ বিষ আৰু সাপৰ বিষ নিৰাময় সম্বন্ধে গৱেষণা কৰিছিল। তেওঁৰ এই গুৰুত্বপূৰ্ণ গৱেষণাৰ বাবে তেওঁক বিশ্ববিদ্যালয়খনে ২০১১ চনৰ জানুৱাৰি মাহত পতা সমাৱৰ্তন অনুষ্ঠানত সৰ্বোচ্চ ডিগ্ৰী ডক্টৰেট (Doctor of  Science (D. Sc.)) প্ৰদান কৰিছিল।

জানিব পৰামতে এই অতি বিশেষ ধৰণৰ আৰু সাধাৰণতে গৱেষক আদিৰ মনোযোগৰ বাহিৰত ৰৈ যোৱা বিষয়টোত গৱেষণা কৰি থকা দেশৰ মুষ্টিমেয় কেইজনমানৰ ভিতৰৰে ড০ মুখাৰ্জীও এজন। তেওঁ যোৱা ২৪ বছৰ ধৰি এই বিষয়টোত মনোনিৱেশ কৰি আছে। তেওঁ ১৯৯৮ চনত ক’ব্ৰা আৰু ৰাছেল ভাইপাৰৰ বিষৰ জৈবৰাসায়নিক বৈশিষ্ট্য অধ্যয়নৰ বাবে বৰ্ধমান বিশ্ববিদ্যালয়ৰ পৰা পি এইচ্ছ ডি ডিগ্ৰী লাভ কৰিছিল।

উল্লেখযোগ্য যে ভাৰতত প্ৰতি বছৰে প্ৰায় ১ লাখ লোকৰ সাপে কামোৰাত মৃত্যু হোৱাৰ তথ্য পোৱা যায়। তথ্যমতে ভাৰতত এই পৰ্য্যন্ত ২৪২ বিধ সাপ চিনাক্ত কৰা হৈছে, যাৰ ভিতৰত ৫৭ বিধ বিষধৰ। ইয়াৰে চাৰিবিধ বিষধৰ সাপ ভাৰতৰ প্ৰায় সকলোতে পোৱা যায়। এই কেইবিধ হৈছে ইণ্ডিয়ান ক’ব্ৰা (Naja naja), কমন ক্ৰেইত (Bungarus caeruleus), ৰাছেলছ ভাইপাৰ (Daboia russelii) আৰু ছ-স্কেলড ভাইপাৰ (Echis carinatus)। অসমত ঘাইকৈ Naja kouthia  আৰু Bungarus faciatus এই দুবিধ সাপ অতি বিষধৰ। কিন্তু ইহঁতৰ বিষ নিৰাময় কৰিব পৰা উপযুক্ত ঔষধ এতিয়াও উপলব্ধ নহয়।

অধ্যাপক মুখাৰ্জীৰ এই ব্যতিক্ৰম গুণ-মানৰ গৱেষণাই ইয়াৰ সমাধানৰ বাট মোকলোৱাৰ সম্ভাৱনা আছে। আনহাতে মুখাৰ্জীয়ে সাপে কামোৰাৰ চিকিৎসা উন্নত কৰাৰ স্বাৰ্থত এনে ধৰণৰ ঔষধৰ গুণগত মান আৰু ফলপ্ৰসূতা বৃদ্ধি কৰাৰ দৰকাৰ আছে বুলি কয়।

জানিব পৰামতে অধ্যাপক মুখাৰ্জীয়ে তেওঁৰ এই ব্যতিক্ৰম কৰ্মৰ বাবে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।