NORTHEAST NOW (Assamese)

অনলাইনযোগে শিক্ষক-শিক্ষয়িত্ৰীৰ বদলি তালিকা প্ৰকাশ : উপকৃত নোহোৱা শিক্ষক-শিক্ষয়িত্ৰীৰ ক্ষোভ

February 21, 2018 5:41 pm · এন ই নাও নিউজ
Updated: February 21, 2018 5:57 pm

শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ বদলিৰ বাবে এতিয়াৰ পৰা গুৱাহাটীলৈ আহি শিক্ষা বিভাগৰ কাৰ্য্যলয়ত বোন্দাপৰ দি থাকিবহি নালাগে বা গুৱাহাটীলৈ তাঁতবাটি কৰিব নালাগে। এতিয়াৰ পৰা অনলাইন যোগেই আন শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে বুজাবুজিৰ ভিত্তিত নিজৰ বদলি নিশ্চিত কৰিব পাৰিব। কিন্তু  প্ৰতি বছৰৰ জানুৱাৰি মাহতহে এই বদলি প্ৰক্ৰিয়াৰ কাম হ’ব। শিক্ষা বৰ্ষৰ মাজত কোনো বদলি প্ৰক্ৰিয়া নচলিব বুলি তেওঁ জানিবলৈ দিছে। আজি শিক্ষক বদলিৰ তালিকা উপলব্ধ হ’ব লগীয়া এটা নতুন পৰ্টেল মুকলি কৰি এই কথা জানিবলৈ দিছে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিয়মীয়া আৰু ঠিকাভিত্তিক শিক্ষকৰ পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত অনলাইন যোগে বদলি প্ৰক্ৰিয়াৰ মাজেৰে আজি ৮৫৫০ জন শিক্ষক-শিক্ষয়িত্ৰীৰ বদলিৰ তালিকা প্ৰকাশ কৰি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াক এক অভূতপূৰ্ব সংস্কাৰ বুলি দাবী কৰে।

মন্ত্ৰীজনে সকলোৰে সন্মতি সাপেক্ষে আৰু শিক্ষকসকলৰ সামাজিক আৰু সাংস্কৃতিক জীৱনক উৎসাহিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি নিজৰ এটা টুইটযোগে জনাইছে।

লগতে তেওঁ জনাইছে যে এই অনলাইন বলদি প্ৰক্ৰিয়াটো শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ বাবে পাৰস্পৰিক লাভ থকা এটা পদক্ষেপ।

ইয়াৰ জৰিয়তে শিক্ষকসকলৰ বদলিকৰণত লৰা-ঢপৰা আৰু ৰঙা ফিতাৰ মেৰপেচ নোহোৱা হ’ব। ‘মই এই সংস্কাৰ আনিব পাৰি সন্তোষ পাইছো আৰু আশা কৰো ই শিক্ষকসকলক তেওঁলোকৰ কাম অধিক ভালদৰে কৰিবলৈ উদগনি দিব।’

মন্ত্ৰীজনে লগতে শিক্ষয়িত্ৰীসকলক চৰ অঞ্চলৰ পৰা বদলি কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

আনহাতে আজি শিক্ষক-শিক্ষয়িত্ৰীৰ বদলিৰ তালিকা ওলোৱাৰ পিছতে প্ৰক্ৰিয়াটোৱে সাঙুৰি নোলোৱা বহুতো শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ অসন্তুষ্টি ব্যক্ত কৰা দেখা গ’ল। বিশেষকৈ যিবিলাক টেট শিক্ষক-শিক্ষয়িত্ৰীয়ে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে সংলগ্ন বিদ্যালয়ত চাকৰি কৰি আছে তেওঁলোকক এই প্ৰক্ৰিয়াটোৱে সুযোগ দিব পৰা নাই বুলি জানিব পৰা গৈছে। লগতে মাধ্যমেও বদলিৰ বুজাবুজি কৰাত হেঙাৰ সৃষ্টি কৰা বুলি বহুতো শিক্ষক-শিক্ষয়িত্ৰীয়ে জানিবলৈ দিছে।

Related News