NORTHEAST NOW (Assamese)
অসম

অনুসূচিত জাতি-জনজাতিৰ বিৰুদ্ধে কেন্দ্ৰৰ সিদ্ধান্তৰ প্ৰতিবাদত বৰপেটাত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

Posted by: পুলেন্দ্ৰ দাস April 9, 2018 12:52 pm
barpeta

কেন্দ্ৰীয় চৰকাৰে অনুসূচীত জাতি, অনুসূচিত জনজাতি সম্প্ৰদায়ৰ লোক সকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত আজি বৰপেটাত কংগ্ৰেছ দলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

বৰপেটা জিলা কংগ্ৰছ দলৰ উদ্যোগত বৰপেটা ৰাজীৱ ভৱনত দিনৰ দহ বজাৰ পৰা ৰূপায়ন কৰা ধৰ্মঘট কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে বিভিন্ন প্লে-কাৰ্ড লৈ অংশগ্ৰহণ কৰে ৷

কেন্দ্ৰীয় চৰকাৰে অনুসুচিত জাতি আৰু অনুসূচিত জনজাতি লোক সকলক পৰিকল্পিত ভাবে হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ তুলি এনে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী তোলে কংগ্ৰেছ কৰ্মী সকলে ৷

কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা, জনিয়াৰ বিধায়ক আব্দুল খালেক, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জুৱাৰা বেগমৰ লগতে কেবাগৰাকীও নেতা আৰু ভালেসংখ্যক কৰ্মী উপস্থিত থাকে ৷

উল্লেখোগ্য যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্পৰ্কত কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে আজি দেশজুৰি কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। ইয়াৰে অংশ হিচাপে অসমতো কংগ্ৰেছৰ নেতা কৰ্মীসকলে ৰাজ্যখনৰ বিভিন্ন স্থানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে।