NORTHEAST NOW (Assamese)
অসম

অনুৰাগীলৈ জুবিনৰ আহ্বান : মূল যুঁজ নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে, অদৰকাৰী কথাত প্ৰতিক্ৰিয়া নকৰিব

Posted by: এন ই নাও নিউজ May 18, 2018 7:58 pm
zubeen against citizenship bill

বিজেপিয়ে অনা নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে জুবিন গাৰ্গ ( Zubeen Garg )ৰ বিৰুদ্ধে শেহতীয়াকৈ শিলাদিত্য দেব আদি বিজেপিৰ নেতা সৰৱ হৈ উঠাৰ পিছতে অনুগামীসকলক অদৰকাৰী কথাত প্ৰতিক্ৰিয়া নকৰিবলৈ গাৰ্গে আজি ১৮ মে’ত আহ্বান জনাইছে।

‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজাটো আমাৰ মূল লক্ষ্য আৰু আমি তাত মনোনিৱেশ কৰা উচিত’ বুলি উল্লেখ কৰি জুবিনে ‘ভিত্তিহীন অভিযোগেৰে কোনোবাই’ তেওঁক ‘অভিযুক্ত কৰিলে, সেইবোৰ দয়া কৰি এৰাই চলিব’লৈ অনুৰাগীসকলক আহ্বান জনাইছে।

‘আমাৰ অভিযানৰ পৰা আঁতৰাবৰ বাবে এইবোৰ জাল। সিহঁতে আমাক ৰোধিব নোৱাৰে’ বুলি দাবী কৰি জুবিনে কয় যে ‘এই সময় হৈছে অসমৰ বৃ্হত্তৰ স্বাৰ্থৰ বাবে আমি যুঁজাৰ সময়। তেওঁলোকে মোক একো কৰিব নোৱাৰে। মই কাকো কেয়াৰ নকৰো।’