NORTHEAST NOW (Assamese)

অপহৰণ, ধনদাবীত জড়িত আছিল ধৃত প্ৰাণজিৎ দৈমাৰী ওৰফে জেটলি

April 15, 2018 6:55 pm · চাজিদ খান

অপহৰণ, ধনদাবীৰ দৰে কেইবাটাও গুৰুতৰ অপৰাধৰ সৈতে জড়িত আছিল ধৃত প্ৰাণজিৎ দৈমাৰী। এই কথা জানিবলৈ দিছে ওদালগুৰি আৰক্ষীয়ে। তেওঁ এন ডি এফ বি (এছ)ৰ নামত কেইবাজনো ব্যৱসায়ীক ধন দাবী কৰিছিল। লগতে ওদালগুৰি জিলাত কাম কৰা নিৰ্মাণ কোম্পানিৰ পৰাও ধন দাবী কৰি আহিছিল।

উল্লেখযোগ্য যে  বিশেষ সূত্ৰৰ পম খেদি ওদালগুৰি আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত যোৱা এটা দলে অঞ্চলটোৰ দাগী অপৰাধী প্ৰাণজিৎ দৈমাৰী ওৰফে জেটলিক ওদালগুৰি আৰক্ষী থানাৰ অধীনৰ খোৰং অঞ্চলৰ পৰা কালি আটক কৰিছিল। আটক কৰাৰ সময়ত দৈমাৰীৰ পৰা অভিযানকাৰী দলটোৱে এটা নাইন এম এম পিষ্টলৰ লগতে চাৰিটা সক্ৰিয় গুলী জব্দ কৰে।

জানিব পৰামতে, বহু দিনৰ পৰাই দৈমাৰীৰ সন্ধানত থকা আৰক্ষীয়ে এই সাফল্যক ডাঙৰ সফলতা হিচাপে গণ্য কৰিছে। নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা দৈমাৰীৰ অৱস্থান সম্পৰ্কত আৱগত হৈছিল আৰক্ষী।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, দৈমাৰীৰ বিৰুদ্ধে অতীতত কেইবাটাও গুৰুতৰ অপৰাধৰ অভিযোগ আছে। দৈমাৰী যোৱা বছৰ জিলাখনৰ পৰা কৃষি বিভাগৰ এজন বিষয়াক অপহৰণ কৰিছিল। অপহৰণ কৰাৰ পিছত ২ কোটি টকা মুক্তিপণ দাবী কৰিছিল। পিছত সেনা-আৰক্ষীৰ অভিযানৰ বাবে কৃষি বিষয়াজনক দৈমাৰীয়ে মুকলি কৰি দিছিল। তাৰোপৰি ব্যৱসায়ী আৰু নিৰ্মাণ কোম্পানিক এন ডি এফ বি (এছ)ৰ নামত ধন দাবী কৰাতো লিপ্ত আছিল দৈমাৰী।

Related News