NORTHEAST NOW (Assamese)
অসম

অবৈধ বেদখল উচ্ছেদ, ভূমি পট্টা প্ৰদানৰ দাবীত সোণাপুৰত ১২ টা সংগঠনৰ অৱস্থান ধৰ্মঘট

Posted by: এন ই নাও নিউজ ব্যুৰো December 6, 2017 4:36 pm

আমচাঙ বনাঞ্চলৰ পৰা উচ্ছেদিত ২০০ টা পৰিয়ালক পুনৰ্সংস্থাপনকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত আজি সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ডিমৰীয়াৰ ১২ টা সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

ধৰ্মঘট পালন কৰা সংগঠনকেইটাই মূলত আমচাঙৰ উচ্ছেদিত ২০০ পৰিয়ালক ডিমৰীয়াৰ টেঘেৰিয়াত পুনৰ সংস্থাপন দিয়াৰ প্ৰতিবাদত আৰু বনাঞ্চলৰ কাষতেই থকা প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগসমূহক উচ্ছেদ কৰা তথা ভূমি আইন অনুসৰণ কৰি ভূমিপুত্ৰসকলক ভূমিপট্টা প্ৰদান কৰাৰ দাবীত আজিৰ এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে। তেওঁলোকে পুজিপতিসকলে অবৈধভাৱে দখল কৰা ভূমিসমূহ উচ্ছেদ কৰাৰো দাবী তোলে।

আজিৰ এই ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ডিমৰীয়া জিলা ট্ৰাইবেল সংঘ, সদৌ তিৱা ছাত্ৰ সন্থা, কামৰূপ আন্ত: ডিমৰীয়া ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, ডিমৰীয়া কাৰ্বি আলচ আচেম, কাৰ্বি বাংঠ আচেম, সদৌ বাথৌ ধৰ্মীয় মহাসভা, ডিমৰীয়া অসম সংগ্ৰামী যুৱ ছাত্ৰ সন্থা, সদৌ ডিমৰীয়া ছাত্ৰ সন্থা, সদৌ তিৱা মহিলা সন্থা আৰু আন্ত ডিমৰীয়া মহিলা সংঘই।