NORTHEAST NOW (Assamese)
অসম

অভিজিৎ শৰ্মালৈ বৰপেটাস্থিত অসম জাতীয় মহাসভাৰ জাতীয় সজাগতা বঁটা

Posted by: এন ই নাও নিউজ December 19, 2017 2:59 pm

অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত বাৰ্তালোচনী ‘চেতনা’ৰ প্ৰকাশ হোৱাৰ শতবৰ্ষ উপলক্ষে বৰপেটাস্থিত অসম জাতীয় মহাসভাই অসম কেশৰী জাতীয় চেতনা বৰ্ষ : ২০১৭-১৮ উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছে। এই বৰ্ষৰ শুভাৰম্ভণিত অসমৰ বিভিন্ন সমস্যা সম্পৰ্কত সততে মাত মাতি অহা তথা অসম পাব্লিক ৱৰ্কছ নামৰ বেচৰকাৰী সংস্থাটোৰ সভাপতি অভিজিৎ শৰ্মালৈ জাতীয় সজাগতা বঁটা আগ বঢ়োৱা বুলি আমাক উদযাপন সমিতিখনে জনাইছে। সমিতিখনে বঁটাৰ চিন স্বৰূপে শ্ৰী শৰ্মালৈ এখন অভিনন্দন পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। অভিনন্দন পত্ৰখনত অসম জাতীয় মহাসভা নামৰ অনুষ্ঠানটোৱে শ্ৰী শৰ্মাই শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া জাতীয়তাবাদী ভেটি, ভাৰতীয় মহা জাতীয়তাবাদ আৰু বিশ্বজনীন দৰ্শনক অনুসৰণ কৰা অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধীৰীদেৱৰ মহৎ কৰ্মৰাজিৰে অগ্ৰসৰ হৈ খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে।