NORTHEAST NOW (Assamese)
অসম

অম্বুবাচীত কামাখ্যাত পূৰ্বতকৈ ভক্তৰ সমাগম বৃদ্ধি পাইছে বুলি দাবী জয়ন্ত মল্ল বৰুৱাৰ

Posted by: মুকুট দাস June 26, 2018 6:07 pm
Guwahati-Ambubachi-mela

অম্বুবাচীত পূৰ্বতকৈ বৃদ্ধি পাইছে ভক্তৰ সমাগম। কামাখ্যা মন্দিৰ ভ্ৰমণ কৰি আজি ২৬ জুনত এই দাবি কৰে অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

‘এতিয়ালৈকে এইবছৰ প্ৰায় ৩০ লাখ ভক্তৰ সমাগম হৈছে,’ জয়ন্ত মল্লৰ দাবী।

অসমৰ ৰাজ্যপাল জগদীশ মুখি, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা আৰু বহু ৰাজনৈতিক নেতাই আজি পুৱা মন্দিৰ দৰ্শন কৰে।

অম্বুবাচীৰ নিবৃতি উপলক্ষে আজি সমাগম হয় বহু লক্ষ ভক্তৰ।

যোৱা ২২ জুনত বন্ধ হোৱা মন্দিৰৰ দ্বাৰ আজি পুৱা ৭:৫১:৫৮ বজাত খুলি দিয়া হয়।

‘মই মা কামাখ্যাৰ আশীৰ্বাদ পালো। এইবাৰ মই সব ঠিক ঠাক পালো,’ পশ্চিম বংগ্গৰ পৰা অহা সাধু মাখঞ্জীৰ দাবী।

মন্দিৰৰ পৰিস্কাৰ-পৰিচ্ছ্ন্নতাক লৈ তেওঁ কয় ‘মন্দিৰৰ লগতে আশপাশৰ পৰিস্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি চৰকাৰে গুৰুত্ব দিছে।’

বিভাগীয় সূত্ৰ মতে ২ বজা পৰ্য্যন্ত আজি ১.৬৪ লাখ ভক্ত মন্দিৰলৈ আহিছে।