NORTHEAST NOW (Assamese)
অসম

অম্বুবাচী মেলা, ২০১৮ শুভ উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Posted by: মুকুট দাস June 21, 2018 9:11 pm
অম্বুবাচী মেলা, ২০১৮ শুভ উদ্বোধন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আজি গুৱাহাটী মহানগৰীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অম্বুবাচী মেলা, ২০১৮ শুভ উদ্বোধন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

শুভ উদ্বোধন কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে অতিথি পৰায়ণ হিচাপে আমাৰ ৰাজ্যখনৰ এক সুনাম আছে। গতিকে অম্বুবাচী মেলালৈ অহা দেশ-বিদেশৰ ভক্ত সকলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ’ব নালাগে সেই দিশটোৰ প্ৰতি সকলোৱে বিশেষভাৱে লক্ষ্য ৰাখিব লাগিব।

অম্বুবাচী মেলাৰ এই উদ্বোধনী সভাত বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু অখিল ভাৰতীয় আখড়া পৰিষদৰ সভাপতি-সম্পাদককে ধৰি কেইবাগৰাকীও বক্তাই ভাষণ প্ৰদান কৰে।

আজিৰ এই অনুষ্ঠানত কেইবাগৰাকীও সত্ৰাধিকাৰ, আধ্যাত্মিক গুৰু, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, অসম ৰাজ্যিক পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, উপাধ্যক্ষ নৱদ্বীপ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, পৰ্যটন বিভাগৰ আয়ুক্ত সচিব ৰাজেশ প্ৰসাদ, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হীৰেন নাথ, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল আৰু কেইবাগৰাকীও উচ্চ-পদস্থ বিষয়া উপস্থিত থাকে।