NORTHEAST NOW (Assamese)
অসম

অসমলৈ অহাৰ প্ৰতিশ্ৰুতি দি দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি; ঐক্যবদ্ধ প্ৰতিৰোধৰ স্বাৰ্থত শুনানি বৰ্জনৰ আহ্বান নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ

Posted by: কল্পজ্যোতি শইকীয়া April 5, 2018 11:36 pm
05-04-18 Guwahati- Forum against Citizenship Act Amendment Bill

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ পুনৰীক্ষণৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে বিধেয়কখন সন্দৰ্ভত অসমৰ দল-সংগঠন-ব্যক্তিৰ মতামত গ্ৰহণৰ বাবে অসমলৈ আহিব বুলি পূৰ্বে কেবাবাৰো নিৰ্দিষ্ট তাৰিখ দিয়াৰ পিছতো অসমলৈ নাহি পুনৰ অহা ১২ এপ্ৰিলত নতুন দিল্লীত শুনানি অনুষ্ঠিত কৰিব খোজাত সমিতিৰ বিৰুদ্ধে আজি ৫ এপ্ৰিলত লোকসভাৰ অধ্যক্ষালৈ এক পত্ৰ প্ৰেৰণ কৰিছে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই।

বিষয়টোক লৈ আজি গুৱাহাটী প্ৰে’ছ ক্লাবত এক সংবাদ মেলো অনুষ্ঠিত কৰে মঞ্চটোৱে। অসমৰ ৰাইজ উদ্বিগ্ন হৈ থকা বিষয় এটাত বাৰেপতি প্ৰতিশ্ৰুতি দি বাৰেপতি ভংগ কৰি অসমৰ নিৰ্বাচিত কেইটামান দল-সংগঠনক মাতি পুনৰ নতুন দিল্লীত শুনানি অনুষ্ঠিত কৰিব খোজাক লৈ মঞ্চই সংবাদমেলত দুৰ্ঘোৰ আপত্তি দৰ্শাই।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমবাসীৰ বিৰোধিতা ঐক্যবদ্ধ হোৱাৰ স্বাৰ্থত দিল্লীৰ শুনানিলৈ আমন্ত্ৰিত সংগঠনসমূহকো ‘পাৰিলে শুনানি বৰ্জন কৰিবৰ বাবে’ আহ্বান জনাইছে মঞ্চৰ আহ্বায়ক মঞ্জিত মহন্তই।

ভাৰতৰ নাগৰিকত্ব আইন, ১৯৫৫ সংশোধনক লৈ আপত্তি দৰ্শাই সংশোধনী বিধেয়কখন উত্থাপন হোৱাৰ কিছুদিন পিছতে ২৮ ছেপ্তেম্বৰত যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষলৈ ৰাজ্যপালৰ জৰিয়তে মঞ্চই ‘পত্ৰ প্ৰেৰণ কৰা এক অন্যতম প্ৰথম’ সংগঠন হোৱাৰ পিছতো আৰু কেবাজনো ‘প্ৰাক্তন জ্যেষ্ঠ আমোলা, জনাজাত ব্যক্তি আৰু সাংবাদিক’ মঞ্চৰ সদস্য হোৱাৰ পিছতো শুনানিলৈ মঞ্চক আমন্ত্ৰণ নজনোৱাতো তেওঁলোকৰ বাবে ‘বোধগম্য’ হোৱা নাই বুলি পত্ৰখনত উল্লেখ কৰা হৈছে।

যুটীয়া সমিতিয়ে নতুন দিল্লীত ২০১৬ চনত শুনানি অনুষ্ঠিত কৰাক লৈ অসমত হোৱা প্ৰতিবাদৰ পিছত প্ৰথমে ২০১৬ চনৰ ২ আৰু ৩ নৱেম্বৰ, ২০১৬ চনত অসমত শুনানি লোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল, বাতৰি কাকতত বিজ্ঞাপন দিছিল আৰু ৰাজ্যৰ বিভিন্ন সংগঠনৰ লগতে মঞ্চকো উক্ত শুনানিলৈ নিমন্ত্ৰণ কৰিছিল বুলি আজিৰ সংবাদ মেলত কোৱা হয়।

‘উপ-নিৰ্বাচনৰ বাবে’ ৩১ অক্টোবৰ, ২০১৬ চনত হঠাতে সেই শুনানি বাতিল কৰাৰ ডেৰ বছৰ পিছত পুনৰ গুৱাহাটীৰ পৰিৱৰ্তে নতুন দিল্লীত এই বছৰৰ ২০ আৰু ২১ ফেব্ৰুৱাৰিত শুনানিৰ দিন ধাৰ্য্য কৰে। কিন্তু সেই শুনানিও বাতিল কৰি পুনৰ ১২ এপ্ৰিলত নতুন দিল্লীত শুনানি অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছিল।

ভাৰতৰ নাগৰিকত্ব আইন সংশোধন কৰি অসমত বিদেশীক নাগৰিকত্ব প্ৰদানে ‘ৰাজ্যৰ সামাজিক-সাংস্কৃতিক চৰিত্ৰটোকে সলনি কৰি পেলাব আৰু ঐতিহাসিকভাৱে বাস কৰি অহা বাসিন্দাসকলৰ পৰিচয় বিপন্ন কৰিব’ বুলি মঞ্চই আশংকা প্ৰকাশ কৰে।