NORTHEAST NOW (Assamese)

অসমীয়া জাতি-জনগোষ্ঠী ভাগ ভাগ হ’লে বাংলাদেশীয়ে দাঁত নিকটাই হাঁহিব : জিতেন দত্ত

June 15, 2018 2:28 pm · কল্পজ্যোতি শইকীয়া
আলফা নেতা জিতেন দত্ত। ফাইল ফটো

‘অসমীয়া জাতিটো ভাগ ভাগ হৈ গৈছে। এই জাতিটোক ৰক্ষা কৰিবৰ হ’লে আমি জাতি-জনগোষ্ঠী ঐক্য হৈ থাকিব লাগিব। আমি ভাগ-ভাগ হৈ গ’লে হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশীয়ে দাঁত নিকটাই হাঁহিব।‘

বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ ডকমকাত উপস্থিত হৈ দুর্বৃত্তৰ হত্যাৰ বলি হোৱা নীলোৎপল-অভিজিৎৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লৈ ভাষণ প্ৰসংগত এই মন্তব্য কৰে আলফাৰ ২৮ নং বেটেলিয়ানৰ সেনাধ্যক্ষ জীতেন দত্তই।

উল্লেখযোগ্য যে কালি অনুপ চেতিয়াৰ নেতৃত্বত খিলঞ্জীয়া মঞ্চ অসমৰ এটা দল ডকমতাত উপস্থিত হৈ সকলোকে সমন্বয় ৰক্ষা কৰি চলিবলৈ পৰামৰ্শ দিয়ে।

ডকমকাত নীল-অভিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমবেত ৰাইজ।

‘৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ তালিকা ঘোষণা কৰিব,’ বুলি উনুকিয়াই জীতেন দত্তই লগতে কয়, ‘’ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ঘোষণা কৰাৰ আগমুহূৰ্তত খিলঞ্জীয়াৰ মাজত যাতে ভাগ-ভাগ নহয় তাৰ কাৰণে আমি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিব লাগিব।‘‘

‘নীলোৎপল-অভিজিৎ শ্বহীদ হৈছে বুলি ইয়াৰ এজন বিশিষ্ট লোকে কৈছে। নীলোৎপল আৰু অভিজিতৰ হত্যাকাণ্ডৰ সৈতে জৰিত দোষীসকলে উচিত শাস্তি পাবই লাগিব। তাৰ কাৰণে চৰকাৰৰ ওচৰত যি ধৰণে দাবী জনাব লাগে দাবী জনাম,‘- এনেদৰে জীতেন দত্তই কয়।

‘‘কিন্তু আইনে এইদৰে দোষীক শস্তি দিব নোৱাৰে,’-এইদৰে ক্ষোভ প্ৰকাশ কৰি তেওঁ স্থানীয় লোকসকলৰ প্ৰতি আহ্বান জনাই কয়, ‘দোষীয়ে শাস্তি পাবলৈ হ’লে সাক্ষী লাগিব। কাৰ্বি আংলঙৰ ডকমকাৰ লোকসকলে যিসকলে এই ঘটনাটো নিজ চকুৰে দেখিছে সেইসকলে মুক্ত মনে আদালতে বিচাৰিলে সাক্ষী দিবলৈ যাবৰ বাবে সাজু হ’ব লাগিব।‘’

‘কিয় ঝংকাৰ হত্যাৰ দোষীয়ে ৰেহাই পালে?’-এনেদৰে প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে ঝংকাৰ শইকীয়া হত্যাৰ দোষীৰ বিৰুদ্ধে তাত থকা কোনো লোকে উপযুক্তভাৱে সাক্ষী দিবৰ বাবে আগবাঢ়ি নাহিল, যাৰবাবে তেওঁলোক আজিও মুকলি আকাশৰ তলত।

তদুপৰি সাক্ষী দিয়াৰ ক্ষেত্ৰত যদি কোনো দুস্কৃতিকাৰীয়ে ভাবুকি দিয়ে তেন্তে  খিলঞ্জীয়া মঞ্চই তেওঁলোকক এই ক্ষেত্ৰত সহায় কৰিব বুলি দত্তই আশ্বাস দিয়ে।

কাৰ্বি, কলিতা, দেউৰী অথবা বড়ো যিয়েই নহওঁক সকলোকে ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়াকৈ ধৰি ৰাখিবলৈ তেওঁ কাৰ্বি আংলঙবাসীক আহ্বান জনায়।

অসমৰ যি স্থানতেই নহওঁক কিয় খিলঞ্জীয়া ৰাইজ আত্মসন্মানসহকাৰে জীয়াই থাকিব পাৰিব লাগিব বুলি তেওঁ উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ব্যক্ত কৰে।

‘খিলঞ্জীয়া মানুহে কোনোবা দুস্কৃতিকাৰীৰ হেঁচাত মূৰ দোঁৱাই থকিব সেইটো কেতিয়াও হ’ব নোৱাৰে,‘-দত্তই কয়।

Related News