NORTHEAST NOW (Assamese)
অসম

অসমৰ অপহৃত কিশোৰীক তামিলনাডুৰ পৰা উদ্ধাৰ

Posted by: ময়ুখ গোস্বামী February 6, 2018 9:28 am
abducted-girl-570x320

অসমৰ দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত ২নং গালান্দি গাওঁৰ পৰা অপহৰণ কৰা এগৰাকী কিশোৰীক তামিলনাডুৰ পৰা উদ্ধাৰ কৰা হৈছে।

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ওদালগুৰি জিলাৰ ৰৌতা বাগান গাওঁৰ এগৰাকী বাসিন্দা আঠাইশ বছৰীয়া ফৰিদ আলী ওৰফে কামালক আটক কৰিছে।

অভিযোগ অনুসৰি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক ফৰিদ আলীয়ে যোৱা ১৫ জানুৱাৰীত অপহৰণ কৰিছিল।

খাৰুপেটীয়া আৰক্ষীয়ে গোপন সূত্ৰ পম খেদি কইম্বাট’ৰ আৰক্ষীৰ সহযোগত অভিযান চলাই তামিলনাডুৰ কইম্বাট’ৰ জিলাৰ নালৰোড অঞ্চলৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰে। আৰক্ষী সূত্ৰই এই কথা জানিবলৈ দিছে।

সোমবাৰে উদ্ধাৰ কৰা কিশোৰীগৰাকী আৰু অভিযুক্তগৰাকীক লগত লৈ খাৰুপেটীয়া আৰক্ষীৰ দলটো আহিউপস্থিত হয়।

এই সম্পৰ্কত খাৰুপেটীয়া আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা নং ২৩ /২০১৮ ইউ /এছ ৩৬৩ /৩৪ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষী সূত্ৰই জনাইছে যে অভিযুক্ত ফৰিদ আলীক আদালতত হাজিৰ কৰোৱাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।