NORTHEAST NOW (Assamese)

অসমৰ বিস্ময় বালক অয়নে গঢ়িলে কনিষ্ঠতম ভাৰতীয় গ্ৰন্থকাৰৰ অভিলেখ

May 18, 2018 9:22 pm · এন ই নাও নিউজ
Updated: May 18, 2018 9:35 pm

অসমৰ অয়ন গগৈ গোহাঞি নামৰ ৪ বছৰীয়া শিশুটোৱে তেওঁৰ অসাধাৰণ কৃতিত্বৰে নিজকে ভাৰতৰ ভিতৰতে কনিষ্ঠতম গ্ৰন্থকাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ ভাৰতীয় সংস্কৰণ ইণ্ডিয়া বুক অব ৰেকৰ্ডছে তেওঁক এই কৃতিত্ব প্ৰদান কৰিছে।

অয়ন হৈছে কেজি-২ৰ ছাত্ৰ আৰু তেওঁ লিখা হানিক’ম (Honeycomb )নামৰ সাধুকথাৰ কিতাপখনৰ বাবে তেওঁক এই সন্মান দিয়া হৈছে। এই গ্ৰন্থখনত ৩০ টা সাধুকথা সন্নিবিষ্ট আছে আৰু ইয়াৰ ছবিসমূহ গ্ৰন্থকাৰে নিজেই অংকন কৰিছে। গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে নতুন দিল্লীৰ অথৰপ্ৰেছ পাবলিকেশ্যনে।

তীক্ষ্ণধী, স্ব-নিৰ্ভৰ আৰু সংৱেদনশীল অয়নে এবছৰ বয়সৰ পৰাই ছবি আঁকিবলৈ আৰম্ভ কৰে আৰু ৩ বচৰ বয়সৰ পৰা সাধুকথা লিখিবলৈ আৰম্ভ কৰে।

ডেক’ৰেটেড নৌসেনা বিষয়া, আন্তৰ্জাতিক খ্যাতিসম্পন্ন কবি, পুনে নিবাসী দিলীপ মহাপাত্ৰই স্বয়ং এই শিশু প্ৰতিধৰগৰাকীৰ গ্ৰন্থখনৰ মূল্যায়ন কৰি এইখনক এখন বিশ্বৰ অতি মানবিশিষ্ট গ্ৰন্থৰ মৰ্যাদা প্ৰদান কৰিছে।

উল্লেখ্য যে অয়ন হৈছে আৰ ই এছ টি আই উত্তৰ লখিমপুৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক পূৰ্ণকান্ত গগৈ আৰু চৰকাৰী বিষয়া জানকী শইকীয়া গগৈৰ নাতি। তেওঁ পাৱাৰগ্ৰীড কৰ্প’ৰেশ্যন অব ইম্ডিয়া লিমিটেডৰ ডি এম জিতু গোহাঞি আৰু মেৰাকি য়োগা ৰিট্ৰিট চেণ্টাৰৰ সঞ্চালক আৰু যোগ থেৰাপিষ্ট সংগীতা গগৈৰ পুত্ৰ।

Related News