NORTHEAST NOW (Assamese)
অসম

অসমৰ জীয়ৰীয়ে জয় কৰিলে সদৌ ভাৰত সত্ৰীয়া আৰু লোক নৃত্য প্ৰতিযোগিতা

Posted by: এন ই নাও নিউজ January 2, 2018 7:31 pm
অসমৰ জীয়ৰীয়ে জয় কৰিলে সদৌ ভাৰত সত্ৰীয়া আৰু লোক নৃত্য প্ৰতিযোগিতা

কলিকতাত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় সত্ৰীয়া আৰু লোক  নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ আঠ বছৰীয়া কণমানি নীলাক্ষী দেৱীয়ে। এই সৰ্বভাৰতীয় প্ৰতিযোগিতাখন যোৱা ২৪ দিচেম্বৰৰ পৰা কলিকতাত অনুষ্ঠিত হৈছিল।সাত দিন ধৰি চলা এই প্ৰতিযোগিতাখনত সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ্পৰা অহা অসংখ্য প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

বিজয়ী নীলাক্ষী কলাইগাঁৱৰ মহাদেৱ নাথ আৰু কোনমণি দেৱীৰ জীয়ৰী। কলাইগাওঁ অসমৰ ওদাল্গুৰি জিলাৰ এখন সৰু চহৰ।

উল্লেখযোগ্য যে পূৰ্বৰেপৰা অসমৰপৰা যোৱা প্ৰতিযোগীসকলে বিভিন্ন সৰ্বভাৰতীয় প্ৰতি্যোগিতাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈ আহিছে।