NORTHEAST NOW (Assamese)
অসম

অসমৰ বিচ্ছিন্নতাবাদী শক্তিৰ আঁৰত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ হাত আছে: আৰ এন ৰবি

Posted by: এন ই নাও নিউজ July 1, 2018 2:21 pm
ATTACHMENT

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী শক্তিৰ আঁৰত ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ হাত আছে বুলি এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি চৰ্চাৰ মাজলৈ আহিছে যুটীয়া চোৰাংচোৱা কমিটীৰ সচিব তথা নগা বিদ্ৰোহী সংগঠনসমূহৰ সৈতে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি অহা আৰ এন ৰবি।

দিল্লীস্থিত নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীত অনুষ্ঠিত ‘ইণ্ডিয়া নেশ্যনেল ছিকিউৰিটী’ শীৰ্ষক আলোচনা-চক্ৰত ৰবিয়ে ভাষণ আগবঢ়াই কয়— ‘সস্তীয়া ৰাজনৈতিক জনপ্ৰিয়তাৰ বাবে তথা ভোটৰ ৰাজনীতি কৰিবলৈ গৈ তাকৰীয়া জনসংখ্যা সত্ত্বেও বহুকেইটা জনগোষ্ঠীক স্বায়ত্তশাসিত পৰিষদ অথবা উন্নয়ন পৰিষদ গঠন কৰি দি বিভিন্ন প্ৰকাৰে প্ৰলোভিত কৰিছিল প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। ৰাজনৈতিক মুনাফা আদায়ৰ অভিসন্ধিৰে ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে স্বায়ত্তশাসিত অথবা পৰিষদসমূহ গঠন কৰি অসমীয়া সমাজখনক বহুধাবিভক্ত কৰিছিল’।

ATTACHMENT
যুটীয়া চোৰাংচোৱা কমিটীৰ সচিব আৰ এন ৰবি

তেওঁ লগতে কয় যে স্বায়ত্তশাসিত পৰিষদসমূহৰ জৰিয়তে প্ৰকৃততে জনগোষ্ঠীসমূহৰ কোনো উন্নয়নেই হোৱা নাছিল।ইয়াৰ বিপৰীতে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ দাবীৰে জনগোষ্ঠীসমূহৰ মাজত এক সংঘাতৰ বাতাৱৰণ সৃষ্টি কৰিছিল স্বায়ত্তশাসিত, উন্নয়ন পৰিষদসমূহে। যাৰ পৰিণতিত অসমত বিচ্ছিন্নতাবাদ শক্তিসমূহে গা কৰি উঠিছিল।

উল্লেখযোগ্য যে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্ট্ৰীয় সুৰক্ষাৰ সন্দৰ্ভত সম্বোধন কৰা ভাষণত ৰবিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী শক্তিৰ আঁৰত চুবুৰীয়া ৰঙা চীনৰ প্ৰত্যক্ষ ভূমিকা থকাৰো এক গুৰুতৰ অভিযোগ উত্থাপন কৰে।আই বিৰ প্ৰাক্তন মুৰব্বীজনৰ মতে উত্তৰ-পূৰ্বাঞ্চলক অস্থিৰ কৰি ৰখাৰ বাবে চীনে অঞ্চলটোৰ প্ৰায় সকলো উগ্ৰপন্থী সংগঠনক প্ৰত্যক্ষ সমৰ্থন আগবঢ়াই আহিছে।

বৰিয়ে অন এক বিতৰ্কিত মন্তব্য আগবঢ়াই কয় যে কেইবাদশক পূৰ্বে নাগালেণ্ডত খ্ৰীষ্টান মিছনেৰীয়ে গ্ৰহণ কৰা ভূমিকাৰ বাবেই অঞ্চলটোত বিচ্ছিন্নতাবাদী জন্ম হৈছিল। খ্ৰীষ্টান মিছনেৰীসকলে নাগালেণ্ডৰ সমাজখন বিভক্ত কৰাৰ বাবে উঠিপৰি লাগিছিল। নগা শান্তি চুক্তিক লৈ ৰবিয়ে কৰা মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ।সম্প্ৰতি ৰবিয়ে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।