NORTHEAST NOW (Assamese)
অসম

অসমৰ ২০ খন বান বিধ্বস্ত গাঁৱলৈ খোৱাপানীৰ ব্যৱস্থা আগবঢ়াইছে কেৰিটাছ ইণ্ডিয়াই

Posted by: এন ই নাও নিউজ December 23, 2017 7:25 am

২০১৭ ৰ বিধ্বংসী বানৰ সময়ছোৱাত বিধ্বস্ত হৈ পৰা অসমৰ হাইলাকান্দি, ধেমাজি আৰু লখিমপুৰ জিলাৰ ২০ খন গাঁৱলৈ ১৮ টা হেণ্ড পাম্প আৰু ২টা কুঁৱা নিৰ্মাণ কৰি দিছে কেৰিটাছ ইণ্ডিয়াই।

এই হেণ্ড পাম্পসমূহ ভৌগলিক অৱস্থিতিৰ ভিত্তিত স্থাপন কৰা হৈছে। নামনি অঞ্চলত হেণ্ড পাম্পসমূহ পাঁচ ফুট উচ্চতালৈকে নিৰ্মান কৰাৰ বিপৰীতে ওখ ঠাইসমূহত ইয়াক তিনি ফুট উচ্চতালৈকে ৰখা হৈছে। কেৰিটাছ ইণ্ডিয়া হৈছে ভাৰতৰ কেথলিক গীৰ্জাসমূহৰ উন্নয়নমূলক কাম কাজ চোৱা চিতা কৰা আনুষ্ঠানিক শাখা।

এই নতুনকৈ নিৰ্মাণ কৰা খোৱাপানী ব্যৱস্থাটোৰ জৰিয়তে প্ৰায় ৩,৮২৯ টা পৰিয়াল উপকৃত হ’ব। কেৰিটাছ ইণ্ডিয়াই জনসাধাৰণৰ পছন্দক প্ৰাথমিক অগ্ৰাধিকাৰৰ প্ৰতি দৃষ্টি ৰাখি আৰু সঠিক মানদণ্ড বজাই ৰাখি শিলচৰ সেৱা কেন্দ্ৰ আৰু গুৱাহাটী মহিলা বিকাশ কেন্দ্ৰৰ জৰিয়তে এই প্ৰকল্পটো ৰূপায়ন কৰিছে।

বনাক্ৰান্ত অঞ্চলৰ মহিলাসকলে খোৱা পানীৰ বাবে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথাটো দৃষ্টিগোচৰ কৰাৰ পিছতে এই প্ৰকল্পটো গ্ৰহণ কৰা হৈছিল। কেৰিটাছ ইণ্ডিয়াৰ দলটোৱে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ৰাইজৰ মতামত আৰু সিদ্ধান্ত অনুসৰি হেণ্ড পাম্প আৰু কুঁৱা নিৰ্মাণ কৰে।