NORTHEAST NOW (Assamese)
Popular Stories

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পাহৰিলে ব’হাগ বিহু : উৰুকাৰ বাবে আদবাটতে সলালে চলি থকা প্ৰথম বৰ্ষৰ ১৩ এপ্ৰিলৰ পৰীক্ষাৰ দিন

Posted by: এন ই নাও নিউজ February 28, 2018 5:01 pm

ব’হাগ বিহুৰ বাবে আদবাটতে পিছুৱালে চলি থকা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ১৩ এপ্ৰিলৰ পৰীক্ষা।

সূচীত ঘোষণা কৰা ১৩ এপ্ৰিলৰ পৰিৱৰ্তে ২১ এপ্ৰিলত হ’ব এই বিষয়ৰ পৰীক্ষা। ব’হাগ বিহুৰ উৰুকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিছে পৰীক্ষা অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

১৩ এপ্ৰিলতে আগবেলা ৯ৰ পৰা ১২ বজালৈ কম্পিউটাৰ বিজ্ঞানৰ আৰু পিছবেলা ১.৩০ৰ পৰা ৪.৩০ বজালৈ গণিতৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। সংসদৰ ৱে’বছাইটত নতুন সূচী এতিয়াও উপলব্ধ হোৱা নাই। পূৰ্বৰ সূচী মতেই অন্যান্য বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

ব’হাগ বিহুৰ বন্ধৰ হিচাপ নাৰাখি আধা পৰীক্ষাৰ মাজতে সূচী সলাব লগা হোৱাটোৱে ৰাইজৰ চকু কপালত তুলিছে।