NORTHEAST NOW (Assamese)
অসম

অসম কৃষি বাণিজ্য আৰু গ্ৰামীণ ৰূপান্তৰ প্ৰকল্পই কৃষকৰ অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্ব দিব লাগিব : মুখ্য মন্ত্ৰী

Posted by: এন ই নাও নিউজ April 11, 2018 8:54 pm
419762-sarbananda-sonowal

আজি দিচপুৰৰ জনতা ভৱনত অনুষ্ঠিত এক সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম কৃষি বাণিজ্য আৰু গ্ৰামীণ ৰূপান্তৰ প্ৰকল্প (এপাৰ্ট)ৰ পৰ্যালোচনা কৰে।

উক্ত পৰ্যালোটনা সভাত তেওঁ এপাৰ্টে ৰাজ্যখনৰ কৃষকৰ অগ্ৰাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব বুলি মন্তব্য কৰে।

মুখ্য মন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত কোৱা হৈছে যে এপাৰ্ট প্ৰকল্পৰ জৰিয়তে প্ৰাৰম্ভিক ১৭ শ কোটি টকা ব্যয়ৰে ৰাজ্যখনৰ ৫ লাখ হিতাধিকাৰীক উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে।

ইয়াৰোপৰি কৃষি বজাৰ, গ্ৰামীণ হাট, ৱেৰ হাউছ ইত্যাদি নিৰ্মাণৰ ওপৰত ব্যৱস্থা লোৱা হ’ব বুলিও বিবৃতিটোত জনোৱা হয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে বৈঠকত প্ৰকল্পটোৰ উদ্দেশ্য সফল কৰাৰ বাবে আন্তঃবিভাগীয় সমন্বয় সাধনৰ তথা উৎপাদন কেন্দ্ৰ সমূহৰ যোগ সূত্ৰ স্থাপনৰ বাবে যান-বাহন চলাচল কৰিব পৰা ভাল পথ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আজিৰ উক্ত পৰ্যালোচনামূলক বৈঠকত কৃষি মন্ত্ৰী অতুল বৰা, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰা, ৰবি কাপুৰ, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব সিদ্ধাৰ্থ সিং, গড়কাপ্টানি বিভাগৰ আয়ুক্ত আৰ কেম্প্ৰাই আৰু ৰাজ্য চৰকাৰৰ ৮টা বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।