NORTHEAST NOW (Assamese)

অসম বিধানসভাত ডিজিটেল মাধ্যমৰ চৰকাৰী স্বীকৃতি সম্পৰ্কীয় প্ৰসংগ উত্থাপন

March 26, 2018 10:39 pm · এন ই নাও নিউজ

গোটেই ভাৰতৰ লগতে অসমতো নতুনকৈ গঢ় লৈ উঠা ক্ষিপ্ৰ সংবাদ পৰিৱেশনৰ বৈশিষ্ট্যযুক্ত ডিজিটেল সংবাদ মাধ্যমলৈ সুখবৰ কঢ়িয়াই আজি এই মাধ্যমবোৰৰ চৰকাৰী স্বীকৃতি, অৰ্থাৎ গ্ৰহণযোগ্যতা সন্দৰ্ভত অসম বিধানসভাৰ মজিয়াত আলোচনা হয়।

আজি বিধানসভাৰ মজিয়াত জনিয়া সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুল খালেকে সোধা এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্থাপন কৰা হয়। তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যত ডিজিটেল মাধ্যমসমূহক সংশ্লিষ্ট চৰকাৰবোৰে স্বীকৃতি প্ৰদান তথা এইবোৰকো চৰকাৰী বিজ্ঞাপন লাভৰ বাবে যোগ্য বুলি বিবেচনা কৰাৰ প্ৰসংগ টানি আনি, অসম চৰকাৰে এই সন্দৰ্ভত কি স্থিতি লৈছে বা এই সম্পৰ্কীয় কেতিয়ালৈ নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰিব আৰু কেতিয়াৰ পৰা ইয়াক কাৰ্য্যকৰী কৰিব জানিব বিচাৰে। তাৰকা চিহ্নযুক্ত তেওঁৰ এই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ আজি মুখ্য মন্ত্ৰীৰ হৈ উত্তৰ দিয়ে মন্ত্ৰী ৰঞ্জিৎ দত্তই।

দত্তই জনায় যে সম্প্ৰতি সংবাদ মাধ্যমত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ডিজিটেল সংবাদ মাধ্যমৰ বাবে ছপা আৰু বৈদ্যুতিন মাধ্যমৰ ক্ষেত্ৰত প্ৰযোজ্য প্ৰচলিত নীতি-নিৰ্দেশনাত সংশোধনী অনা তথা নতুন সংযোজন কৰাৰ বাবে তথ্য আৰু জনসংযোগ বিভাগে চিন্তা-চৰ্চা কৰি কেতবোৰ প্ৰস্তাৱ যুগুত কৰি তুলিছে। এই সংশোধনী প্ৰস্তাৱসমূহৰ অন্তৰ্ভুক্তিকৰণ চূড়ান্ত হ’লেই যথাসম্ভৱ সোনকালে ইয়াক কাৰ্য্যকৰী কৰিব পৰা যাব।

উল্লেখযোগ্য যে বিধায়ক আব্দুল খালেক এজন প্ৰাক্তন সাংবাদিক আছিল।

Related News