NORTHEAST NOW (Assamese)
অসম

অসম মহিলা বিশ্ববিদ্যালয়ক লৈ এইবাৰ প্ৰতিশ্ৰুতি বিধানসভাৰ অধ্যক্ষৰ : আন্দোলন প্ৰত্যাহাৰৰ বাবে আহ্বান

Posted by: এন ই নাও নিউজ March 28, 2018 8:26 am
Assembly speaker Hitendra Nath Goswami

যোৰহাটত স্থাপিত অসম মহিলা বিশ্ববিদ্যালয়খনৰ স্বীকৃতি বাতিলক লৈ গোটেই ৰাজ্য উত্তাল হৈ থকাৰ সময়তে চৰকাৰক উদ্ধাৰৰ ভূমিকাত অৱতীৰ্ণ হোৱা দেখা গ’ল বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক।

নিজৰ মন্তব্যত অধ্যক্ষজনে বিশ্ববিদ্যালয়খনক লৈ কোনেও ক্ৰেডিট ল’ব নালাগে বুলি কৈ তাৎপৰ্য্যপূৰ্ণভাৱে অথচ কোনো স্পষ্ট ছবি দাঙি নধৰাকৈ কয় যে মহিলা বিশ্ববিদ্যালয়খন মহিলাৰ চালিকা শক্তি। চৰকাৰৰ সদিচ্ছাৰে বিশ্ববিদ্যালয়খনলৈ ইতিবাচক খবৰ আহিব।

তেওঁ লগতে আন্দোলনকাৰীসকলক আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। অৱশ্যে তেওঁ নিজৰ বক্তব্যৰ মাজেৰে কি ধৰণৰ ইতিবাচক খবৰৰ কথা কৈছে সেয়া স্পষ্ট নহ’ল।

কেৱল চলি থকা আন্দোলন প্ৰশমন কৰি চৰকাৰক সকাহ দিয়াৰ স্বাৰ্থতে এইদৰে কৈছে নে সঁচাকৈয়ে চৰকাৰে কিবা ইতিবাচক স্থিতি লোৱাৰ ইংগিত পাই কৈছে, সেয়া স্পষ্ট নহয়।

তেওঁ কয়, আন্দোলনে বহু সময়ত জটিলতাৰ সৃষ্টি কৰে। গতিকে আন্দোলন পৰিহাৰ কৰা উচিত। তেওঁ  শিক্ষানুষ্ঠানখনত দেখা দিয়া জটিলতা দূৰ কৰাত চৰকাৰৰ সদিচ্ছা থকাৰ কথা উল্লেখ কৰি বিধানসভাত বিৰোধীকো সবল ভূমিকা ল’বলৈ আহ্বান জনায়।

আন এটা তাৎপৰ্য্যপূৰ্ণ মন্তব্যত তেওঁ কয়, ‘অসম মহিলা বিশ্ববিদ্যালয়খন মোৰ সমষ্টিৰ এক অনুষ্ঠান, বিশ্ববিদ্যালয়খনত উপাচাৰ্যৰ পৰিৱৰ্তে মেণ্টৰ কিয় দিলে বুজি নাপালোঁ।‘