NORTHEAST NOW (Assamese)
অসম

অসম মহিলা বিশ্ববিদ্যালয় : কাৰ্য্যকৰী পদক্ষেপৰ পৰিৱৰ্তে পৰস্পৰৰ গালৈ বোকা ছটিওৱাত ব্যস্ত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ March 28, 2018 2:15 pm
Gogoi_Himanta

অসম মহিলা বিশ্ববিদ্যালয়ৰ স্বীকৃতি তথা মান্যতা সম্পৰ্কীয় বিষয়টোত প্ৰকৃত কাৰ্য্যব্যৱস্থাৰ পৰিৱৰ্তে বোকা ছটিওৱাৰ ৰাজনীতিত ব্যস্ত হৈ পৰিছে বিভিন্ন ৰাজনৈতিক পক্ষ আৰু নেতা। বিশেষকৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু তেতিয়াৰ আৰু এতিয়াৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ এক দৃষ্টিকটু পৰ্য্যায়ত উপনীত হৈছে।

মন কৰিব লগীয়া কথাটো হ’ল এই দুয়োজনৰ কান্ধতে সেই সময়ত শিক্ষানুষ্ঠানখনৰ গুৰু দায়িত্ব আছিল। প্ৰাক্তন মুখ্য মন্ত্ৰীজন পদবীসূত্ৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য হৈ থকাৰ বিপৰীতে হিমন্ত বিশ্ব আছিল বিভাগীয় মন্ত্ৰী।

এতিয়া বিশ্ববিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰি ইয়াৰ ঠাইত এখন কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰিব খোজা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছে যে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে আচাৰ্য্য হিচাপে থাকি উপাচাৰ্য্য নিযুক্তি নিদি মেনটৰ নিযুক্তি দি বিশ্ববিদ্যালয়খন চলোৱা বাবেই আজি এই অৱস্থাৰ সৃষ্টি হৈছে। তেওঁ অভিযোগ কৰে যে তেওঁ সৎ উদ্দেশ্য লৈয়ে এই বিশ্ববিদ্যালয়খন আইনসন্মতভাৱে প্ৰতিষ্ঠা কৰিছিল। কিন্তু তেওঁৰ পৰা এই প্ৰকল্পটো হাইজেক কৰা হ’ল।

কিন্তু প্ৰাক্তন মুখ্য মন্ত্ৰীজেন প্ৰশ্ন কৰিছে যে উপাচাৰ্য্যৰ ঠাইত মেনটৰ নিযুক্তি দিলে যদি বিশ্ববিদ্যালয়ৰ মান পোৱা নাযায়, সেয়া শিক্ষা মন্ত্ৰীজনে অৱগত কৰা নাছিল কিয়? তেওঁৰ দায়বদ্ধতাৰে সেই কথা কোৱা নাছিল কিয়? তাৰোপৰি যদি গাইড লাইনৰ মতে হোৱা নাছিল য়ু জি চিয়ে কেনেকৈ স্বীকৃতি দিছিল?

আনহাতে বিশ্ববিদ্যালয়খনৰ স্বীকৃতি বাতিলক লৈ এতিয়াও পৰিস্থিতি উত্তপ্ত হৈ আছে। বিভিন্ন ঠাইত শৈক্ষিক গোট তথা চেতনাসম্পন্ন নাগৰিক, দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে।

বহুতে প্ৰশ্ন কৰিছে যে পূৰ্বৰ ভুলবোৰ বাদ দি হ’লেও এতিয়া ইয়াৰ স্বীকৃতি বাতিল কৰাৰ সলনি প্ৰয়োজনীয় ব্যৱস্থাপনা কৰাৰ বাবে শিক্ষা মন্ত্ৰীজনে পদক্ষেপ লোৱা নাই কিয়? এতিয়াৰ চৰকাৰে বিশ্ববিদ্যালয়খন উপযুক্ত নীতি-নিৰ্দেশনাৰ মাজলৈ অনা নাই কিয় বা অনাৰ বাবে পদক্ষেপ নলয় কিয়? সমগ্ৰ উত্তৰ-পূবতে কেৱল মহিলাৰ বাবে থকা একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানটোৰ স্বাৰ্থত ১২৬জন বিধায়ক দলীয় পৰিসৰৰ পৰা ওলাই ঐকমত্যত উপনীত হ’ব নোৱৰাটো দুৰ্ভাগ্যজনক।