NORTHEAST NOW (Assamese)

অসম-মিজোৰামৰ সীমা বিবাদ: কেন্দ্ৰীয় গৃহমন্ত্ৰীক হস্তক্ষেপৰ দাবী লাল থানহাওলাৰ

March 13, 2018 12:39 pm · এন ই নাও নিউজ
Updated: March 13, 2018 12:50 pm
Union Home Minister Rajnath Singh: File Photo

অসম-মিজোৰামৰ সীমা বিবাদে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তে এই বিবদমান বিষয়টোত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ হস্তক্ষেপ বিচাৰিছে সীমামূৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লাল থানহাওলাই।

মিজোৰামৰ মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা এল আৰ ছাইলোই প্ৰকাশ কৰা অনুসৰি সোমবাৰে লাল থানহাওলাই কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ এক পত্ৰ পেৰণ কৰি দুয়োখন ৰাজ্যৰ মাজত শান্তি বৰ্তাই ৰাখিবলৈ তেওঁক হস্তক্ষেপ কৰাৰ আহ্বান জনায়।

আনহাতে মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থানহাওলাই অসম আৰক্ষীয়ে মিজো যুৱকৰ ওপৰত চলোৱা গুলীচালনাৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি ইয়ে দুয়োটা অঞ্চলৰ শান্তি বিঘ্নিত কৰিব বুলি শংকা প্ৰকাশ কৰে। লাল থানহাওলাই লগতে প্ৰকাশ কৰে যে পূৰ্বৰে পৰা অসমৰ সৈতে মিজোৰামৰ সীমা বিবাদ আছে আৰু কেতিয়াবা এই বিবাদে সীমান্ত এলেকাত গুৰুতৰ ৰূপ ধাৰণ কৰে।

আনহাতে মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থানহাওলাই লগতে কয় যে এই সমস্যা সমাধানৰ বাবে ৰাজ্য দুখনৰ মুখ্য সচিব পৰ্যায়ত ১৯৯৫-৯৬ চনত আলোচনা হৈছিল আৰু পাছত মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অসমৰ মুখ্যমন্ত্ৰীৰ বাবে সেয়া সম্ভৱ নহ’ল।

শেহতীয়া সীমা বিবাদৰ পাছতে মিজোৰামৰ মুখ্যমন্ত্ৰী লাল থানহাওলাই কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

 

Related News