NORTHEAST NOW (Assamese)

অসম-মিজোৰামৰ সীমা বিবাদ সম্পৰ্কত ২০ মাৰ্চত নতুন দিল্লীত বৈঠক

March 13, 2018 11:31 pm · এন ই নাও নিউজ

অসম-মিজোৰামৰ সীমা বিবাদে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অহা ২০ মাৰ্চত নতুন দিল্লীত অসম আৰু মিজোৰাম চৰকাৰৰ মাজত এক বৈঠকৰ আহ্বান কৰিছে।

বৈথকখনত অসম চৰকাৰৰ মুখ্য সচিব টি ওৱাই দাসৰ আৰু মিজোৰাম চৰকাৰৰ মুখ্য সচিব লালমালস্বামাক উপস্থিত থাকিবলৈ কোৱা হৈছে। তেওঁলোকৰ উপৰি আই বি(Intelligence Bureau)ৰ সঞ্চালক ৰাজীব জৈনকো উক্ত বৈঠকখনত উপস্থিত থাকিবলৈ কোৱা হৈছে।

প্ৰাপ্ত তথ্য মতে, বিষয়টোত কেন্দ্ৰ চৰকাৰক হস্তক্ষেপ কৰাৰ আহ্বান জনাই সোমবাৰে মিজোৰাম লাল থানহাওলাই কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ পত্ৰ পেৰণ কৰাৰ পিছতে ৰাজনাথ সিঙে থানহাওলাক উক্ত বৈঠকখনৰ কথা জানিবলৈ দিয়ে।

কেন্দ্ৰীয় গৃহ সচিব ৰাজীব গৌবা উক্ত বৈঠকখনত পৌৰোহিত্য কৰিব বুলি জানিব পৰা গৈছে।

তেওঁৰ বাৰ্তাত কেন্দ্ৰী মন্ত্ৰী ৰাজনাথ সিঙে মিজোৰামৰ মুখ্য মন্ত্ৰী গৰাকীক সীমান্তৰ মিজোৰামৰ ফালটোত শান্তি সুনিশ্চিত কৰাৰ লগতে লোকসকলক বাইৰাবিত গোট খাই প্ৰতিবাদ কৰাৰ অনুমতি নিদিবলৈ আহ্বান জনায়।

গৃহ মন্ত্ৰ্যালয়ে অসম আৰু মিজোৰাম চৰকাৰৰ লগত একেৰাহে যোগাযোগত আছে বুলি মন্ত্ৰ্যালয়ৰ এগৰাকী বিষয়াই সদৰী কৰে।

দুয়োখন চৰকাৰকে অঞ্চলটোত আইন শৃংখলাক সুনিশ্চিত কৰিবলৈ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৃহ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা আহ্বান জনোৱা লগতে পৰিস্থিতিয়ে যাতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কোৱা হৈছে।

Related News