NORTHEAST NOW (Assamese)
অসম

অসম-মিজোৰাম সীমা বিবাদ : কেন্দ্ৰীয় যুটীয়া গৃহ সচিবে এই সপ্তাহত ভ্ৰমণ কৰিব বিবদমান এলেকা

Posted by: এন ই নাও নিউজ March 20, 2018 11:29 pm

কেন্দ্ৰীয় গৃ্হ বিভাগৰ যুটীয়া সচিব (উত্তৰ-পূব)এ অসম আৰু মিজোৰামৰ মুখ্য সচিব (গৃ্হ)ক লগত লৈ এসপ্তাহৰ ভিতৰত পৰিদৰ্শন কৰিব দুয়ো ৰাজ্যৰ মাজৰ বিবদমান এলেকা। তেওঁলোকৰ লগত চাৰ্ভে’ অৱ ইণ্ডিয়াৰ এটা দলো থাকিব।

দলটোৱে কেন্দ্ৰীয় গৃহ সচিবক প্ৰতিবেদন দাখিল কৰাৰ পিছত পৰৱৰ্তী এক বৈঠকত বিষয়টো দুয়ো ৰাজ্যৰ মুখ্য সচিবৰ লগত আলোচনা কৰা হ’ব।

তাৰ পৰৱৰ্তী পৰ্য্যায়ত অসম আৰু মিজোৰামৰ মুখ্য মন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী এই সন্দৰ্ভত আলোচনাত বহিব।

বাইৰাবিত যোৱা ৮ আৰু ১০ মাৰ্চত সংঘটিত হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম-মিজোৰাম সীমা সমস্যাক লৈ কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গাউবাই দুয়ো ৰাজ্যৰ মুখ্য সচিবৰ সৈতে মঙলবাৰে নতুন দিল্লীত বহা বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

সূত্ৰ অনুসৰি সীমা বিবাদ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি মিজোৰামৰ মুখ্য মন্ত্ৰীয়ে যোৱা ১২ মাৰ্চত দিয়া চিঠিৰ পিছত কেন্দ্ৰীয় গৃ্হ মন্ত্ৰীৰ নিৰ্দেশত আজিৰ বৈঠকখন অনুষ্ঠিত হৈছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ‘তৎপৰতাৰ বাবে’ এই সীমা বিবাদ ‘সৌহাৰ্দ্যপূৰ্ণভাৱে মীমাংসা’ হোৱা বুলি মিজোৰামৰ মুখ্য মন্ত্ৰীৰ উক্ত পত্ৰৰ দুদিন পূৰ্বে ১০ মাৰ্চত অসমৰ মুখ্য মন্ত্ৰীৰ প্ৰে’ছ বিবৃতিত দাবী কৰা হৈছিল।

আলোচনাত মিজোৰামৰ মুখ্য মন্ত্ৰীয়ে ‘এই বেদখল বন্ধ কৰিবৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে’ বুলি অসমৰ মুখ্য মন্ত্ৰীয়ে দিয়া বিবৃতিটোৰ যোগেদি মিজোৰামৰ ফালৰ পৰা বেদখল হোৱাতো মিজোৰামৰ মুখ্য মন্ত্ৰীয়ে মানি লোৱা বুলি কোৱা হৈছিল।

পি আই বি-এ আজি সন্ধিয়া জাৰি কৰা বিবৃতিত কোৱা হৈছে বৈঠকখনত ‘এলেকাটোত স্থিতাৱস্থা বাহাল ৰাখিবলৈ সিদ্ধান্ত লোৱা হয়। ঠাইটুকুৰাত জন সমাৱেশৰ অনুমতি দিয়া নহ’ব। নিজ নিজ এলেকাসমূহত শান্তি বজাই ৰাখিবলৈ অসম আৰু মিজোৰাম দুয়ো চৰকাৰেই সকলো ব্যৱস্থা ল’ব।’