NORTHEAST NOW (Assamese)
অসম

অসম লোকসেৱা আয়োগৰ তদন্তৰ আওতালৈ দালালবোৰকো অনা হ’ব : আৰক্ষী

Posted by: এন ই নিউজ ব্যুৰো, গুৱাহাটী : November 22, 2017 8:27 am
APSC

১৪ গৰাকীকৈ এ চি এছ, এ পি এছ বিষয়াক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত অসম আৰক্ষীয়ে এইবাৰ অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱা কেইবা কোটিটকীয়া কেলেংকাৰিৰ সৈতে জড়িত মধ্যভোগী দালালসকলকো তদন্তৰ আওতালৈ অনাৰ পৰিকল্পনা কৰিছে। এ পি এছ চি কেলেংকাৰিৰ তদন্ত চলাই থকা ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে সংবাদ মাধ্যমৰ আগত কয়, ’কেলেংকাৰিটোৰ লগত জড়িত বিভিন্ন মধ্যভোগীৰ বিষয়ে যথেষ্ট তথ্য-প্ৰমাণ আমি লাভ কৰিছো আৰু এতিয়া আমি তেওঁলোককো ধৰিম।’ জানিব পৰা মতে এই দালালৰ তালিকাত বিভিন্ন চৰকাৰী বিষয়াৰ নামো আছে। অভিযুক্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেল পালৰ ভাতৃ ৰাজীৱ পাল, সুদীপ দাস আৰু বহুতৰ নাম এই তালিকাত আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। ২৩ গৰাকীকৈ অভিযুক্ত বিষয়াক সোধা-পোছা কৰাৰ সময়ত তেওঁলোকে গোটেই প্ৰক্ৰিয়াটোত তেওঁলোকক সহায় কৰা বহু মধ্যভোগীৰ নাম প্ৰকাশ কৰিছিল। উল্লেখযোগ্য যে পূৰ্বতে বহু ৰাজনীতিক, চৰকাৰী বিষয়া, সাংবাদিক আৰু ছাত্ৰ তথা যুব সংগঠনৰ নেতাৰ নাম অসম লোকসেৱা আয়োগৰ চাকৰিৰ বাবে কৰা ধনৰ লেন-দেনৰ মধ্যভোগী হিচাপে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।