NORTHEAST NOW (Assamese)
অসম

অসম সন্তান ভাৰতীয় সেনাৰ মে’জৰ জেনেৰেল ৰানা প্ৰতাপ কলিতালৈ অতি বিশিষ্ট সেৱা মেডেল

Posted by: প্ৰণৱ কুমাৰ দাস আৰু অভিক চক্ৰবৰ্তী January 25, 2018 10:01 pm
সেনাপ্ৰধানৰ সৈতে মে’জৰ জেনেৰেল কলিতা

অসম সন্তান ভাৰতীয় সেনাৰ মে’জৰ জেনেৰেল ৰানা প্ৰতাপ কলিতাক গণৰাজ্য দিৱস উপলক্ষে অতি বিশিষ্ট সেৱা মেডেল আগবঢ়োৱা হৈছে।

তেওঁ জম্মু-কাশ্মীৰৰ ভাৰত-পাক নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাৰ এটা ডিৱিজনৰ নেতৃত্বত আছিল।

সন্মানিত সেনা বিষয়াজনৰ ঘৰ ৰঙিয়াত। তেওঁৰ দেউতাকো সেনাবাহিনীৰ বিষয়া আছিল।

গোৱালপাৰাৰ সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ কলিতা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমি আৰু ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰি একাডেমিৰো প্ৰাক্তন ছাত্ৰ।

সামৰিক বাহিনীলৈ তেওঁ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে কলিতা ইতিপূৰ্বে বিশিষ্ট সেৱা মেডেল আৰু সেৱা মেডেলেৰেও সন্মানিত হৈছিল। তেওঁ ৰাষ্ট্ৰসংঘৰ শান্তি বাহিনীটো কাৰ্য্যনিৰ্বাহ কৰিছিল।

সেনাবাহিনীৰ এক প্ৰে’ছ বিবৃতি অনুসৰি, ‘১৯৮৪ চনত তেওঁক ৯ কুমাওঁ ৰেজিমেণ্টত নিযুক্তি দিয়া হৈছিল। তেওঁ কাশ্মীৰত ১৩ আৰ আৰ বেটেলিয়ন, লখ্নৌত ৭১ ইনফেন্ত্ৰি ব্ৰিগেড আৰু বাৰামুলাত ১৯ ইনফেন্ত্ৰি ডিৱিজনৰ নেতৃত্ব দিছিল। তেওঁ সেনা মুখ্য কাৰ্য্যালয়ত বিভিন্ন বিভাগীয় আৰু পৰামৰ্শদাতা পদবীত কাৰ্য্যনিৰ্বাহ কৰিছিল। বাৰামুলা ডিৱিজনৰ দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ শ্ৰীনগৰত ১৫ কৰ্পচৰ ব্ৰিগেডিয়াৰ পদবীত আছিল।’