NORTHEAST NOW (Assamese)

অসম ৰাইফলছৰ অভিযানত মণিপুৰত পুনৰ মাৰাণাস্ত্ৰ উদ্ধাৰ

April 10, 2018 1:20 pm · এন ই নাও নিউজ
Updated: April 10, 2018 1:23 pm

মণিপুৰত অসম ৰাইফলছ, ৫নং জম্মু-কাশ্মীৰ ৰাইফলছ আৰু বিষ্ণুপুৰ জিলা আৰক্ষী কামাণ্ডোৰ এক যুটীয়া অভিযানত দুটাকৈ মাৰাণাস্ত্ৰ উদ্ধাৰ হোৱা এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

আছাম ৰাইফলছৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ হোৱা মাৰাণাস্ত্ৰ দুটা হৈছে এম- ১৬ ৰাইফল আৰু একে ৫৬ ৰাইফল।

উল্লেখযোগ্য যে চোৰাংচোৱাৰ পৰা লাভ কৰা এক গোপন খবৰৰ ভিত্তিত সোমবাৰে বিষ্ণুপুৰ জিলাৰ ইশ্বক গাঁৱত অসম ৰাইফলছ, ৫নং জম্মু-কাশ্মীৰ ৰাইফলছ আৰু বিষ্ণুপুৰ জিলা আৰক্ষী কামাণ্ডো বাহিনীয়ে চলোৱা এক যুটীয়া অভিযানৰ সময়ছোৱাত এই মাৰাণাস্ত্ৰ জব্দ কৰা হয়। অৱশ্যে অভিযান কালত কোনো সন্ত্ৰাসবাদীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলটোৱে।

এই সন্দৰ্ভত অসম ৰাইফছে প্ৰকাশ কৰে যে দীৰ্ঘদিন ধৰি ইম্ফল উপত্যকাত আছাম ৰাইফলছে উগ্ৰপন্থী সমস্যা নোহোৱা কৰিবলৈ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ ফলতে এই সফলতা লাভ কৰা হৈছে। ইয়াৰ আঁৰত আছাম ৰাইফলছৰ জোৱানসকলৰ কঠিন শ্ৰম জড়িত হৈ আছে।

শেহতীয়া সময়ছোৱাত মণিপুৰত আছাম ৰাইফলছে চলোৱা অভিযান সমূহৰ ভিতৰত এই অভিযানটো হৈছে সবাতোকৈ সফল।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে যোৱা দেওবাৰেও এক অনুৰূপ অভিযানকালত বিষ্ণুপুৰ জিলাৰ পৰা আছাম ৰাইফলছে বৃহৎ পৰিমাণৰ অস্ত্ৰ- শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

 

Related News