NORTHEAST NOW (Assamese)
অসম

অস্কাৰলৈ আমন্ত্ৰিত অসম সন্তান দেৱজিত চাংমাই

Posted by: এন ই নাও নিউজ June 26, 2018 2:02 pm
ATTACHMENT

সন্মানীয় একাডেমী অৱ মোশ্যন পিকচাৰ আৰ্ট এণ্ড ছায়েন্স চমুকৈ অস্কাৰৰ ভোটিং সদস্য হিচাপে নিৰ্বাচিত হৈ ৰাজ্য তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সাফল্যৰ শীৰ্ষত আৰোহণ কৰা অসম সন্তান দেৱজিত চাংমাই।

উল্লেখযোগ্য যে জন্মসূত্ৰে শিৱসাগৰ জিলাৰ দেৱজিতে প্ৰথমে গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ পৰা ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম গ্ৰহণ কৰি কামৰ সন্ধানত মুম্বাইলৈ ঢাপলি মেলে। বহু কষ্ট আৰু উত্থান পতনৰ পাছত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা দেৱজিত এতিয়া বলিউডৰ এটা চিনাকি নাম হোৱাৰ উপৰি আগশাৰীৰ ছাউণ্ড ৰেকৰ্ডাৰ হিচাপে পৰিচিত।

সম্প্ৰতি বলিউডৰ প্ৰখ্যাত প্ৰতিষ্ঠান ফিউচাৰ ৱৰ্কছৰ সৈতে কাম কৰি থকা দেৱজিতে ইতিমধ্যে বৰ্ফি, ডংগল, হেইদৰ, ছিক্ৰেট ছুপাৰষ্টাৰ, ভাগ মিলখা ভাগ, ইস্কিয়া আদিৰ দৰে ছবিত কাম কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। ২০১০চনৰ ‘ইস্কিয়া’ ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা দেৱজিতৰ সাফল্যত গৌৰৱবোধ কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে।

উল্লেখযোগ্য যে আন এগৰাকী অসম সন্তান অমৃত প্ৰীতমে ইয়াৰ পূৰ্বে অস্কাৰ ভোটিং সদস্যৰ আমন্ত্ৰণ লাভ কৰিবলৈ সক্ষম হৈছিল। দেৱজিত চাংমাইৰ এই কৃতিত্বৰ বাবে তেওঁলৈ অভিনন্দন জ্ঞাপন কৰিছে অমৃত প্ৰীতম, উৎপল বৰপূজাৰীসহ বিভিন্নজনে।