NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত পথ যোগাযোগ সন্দৰ্ভত পেমা খাণ্ডুৰ সৈতে বি আৰ অ’ৰ পৰিচালন সঞ্চালকৰ বৈঠক

Posted by: প্ৰনৱ কুমাৰ দাস May 1, 2018 8:24 pm
NEW DGBR Meet Khandu this evening at New Delhi

সীমান্ত পথ সংস্থা (বি আৰ অ’)ৰ নৱ নিযুক্ত পৰিচালন সঞ্চালক জেনেৰেল হৰপাল সিঙে আজি আৱেলি নতুন দিল্লীস্থিত অৰুণাচল ভৱনত গৈ অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুক সাক্ষাৎ কৰে।

মুখ্য মন্ত্ৰী আৰু পৰিচালন সঞ্চালক গৰাকীৰ মাজত অনুষ্ঠিত হোৱা উক্ত বৈঠকত সীমান্ত পথ সংস্থাই ৰাজ্যখনত হাতত লোৱা ট্ৰেন্স অৰুণাচল হাইৱে’ৰ লগতে আন আন পথ নিৰ্মাণ প্ৰকল্প আৰু ভূমি অধিগ্ৰহণৰ বিষয়সমূহে স্থান পায়।

নৱনিযুক্ত পৰিচালন সঞ্চালক সিঙে খাণ্ডুক জনোৱা মতে বি আৰ অ’ই হাতত লোৱা প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰ গতিত চলাই থকা হৈছে।

ইয়াৰ উপৰি তেওঁ ভূমি অধিগ্ৰহণৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ লগত আলোচনা কৰা হৈছে বুলি জানিবলৈ দি ইয়াক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰীক হস্তক্ষেপ কৰিবলৈ অনুৰোধ কৰে।

বৈঠকত খাণ্ডুয়ে সীমান্ত পথ সংস্থাক ৰাজ্য চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে। এক সুচল যোগাযোগ ব্যৱস্থাইহে ৰাজ্যখনক সকলো দিশত আগুৱাই নিব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে পথ যোগাযোগৰ উন্নয়ণক সৰ্বাধিক অগ্ৰাধিকাৰ দিছে।