NORTHEAST NOW (Assamese)

অৰুণাচলত প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে দৰ্জী খাণ্ডু সভা কেন্দ্ৰ-সচিবালয়

February 15, 2018 2:37 pm · এন ই নাও নিউজ

এদিনীয়া ভ্ৰমণসূচীৰে আজি অৰুণাচলত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইটানগৰত দৰ্জী খাণ্ডু ৰাজ্যিক সভা কেন্দ্ৰ আৰু সচিবালয় ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে আদি কৰি অন্যান্য বিশিষ্ট লোকসকল উপস্থিত থকা সভা এখন সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়: নতুন সচিবালয় ভৱনটোত কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয় থাকিব। ইয়াৰ ফলত প্ৰদেশখনৰ দুৰ্গম ঠাইৰ পৰা বিভিন্ন কামত অহা লোকসকলৰ সুবিধা হ’ব।

একেটা ভৱনতে সকলো উপলদ্ধ হোৱাৰ ফলত গাঁৱবাসীয়ে এতিয়া আৰু ঘূৰি ফুৰাৰ প্ৰয়োজন নাথাকিব বুলিও প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

আনহাতে সভা কেন্দ্ৰটো মুকলি কৰি তেওঁ লগতে কয় যে ই কেৱল এটা অট্ৰালিকা নহয়, ই হৈছে এটা স্পন্দন কেন্দ্ৰ। যিটোৱে প্ৰদেশখনৰ ভৱিষ্যৎ আকাংক্ষাক তুলি ধৰিব।

উল্লেখ্য যে চীনৰ সৈতে দোকলামক লৈ হোৱা সংঘাতৰ পাছত এয়াই হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্রথমটো অৰুণাচল ভ্ৰমণ।

উল্লেখ্য যে নিজৰ ভাষণত মোডীয়ে ঘাইকৈ বাজেটত ঘোষণা কৰা ‘আয়ুস্মান ভাৰত স্বাস্থ্য আঁচনি’ৰ বিভিন্ন সুবিধাৰ বিষয়ে ব্যখ্যা কৰাৰ উপৰি নাহৰলাগুন-নতুন দিল্লী ৰেলখন প্ৰতি সপ্তাহত দুবাৰকৈ চলিব বুলি ঘোষণা কৰে।তেওঁ লগতে এই ৰেলখনৰ নাম অৰুণাচল প্ৰদেশ এক্সপ্ৰেছ হ’ব বুলিও প্ৰকাশ কৰে।

অৰুণাচলৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছত মোডীয়ে ত্ৰিপুৰালৈ ৰাওনা হ’ব।তাত ১৮ ফেব্ৰুৱাৰিত আগৰতলা আৰু শান্তিৰবজাৰত দুখনকৈ জনসভাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Related News