NORTHEAST NOW (Assamese)
অসম

অৰুণাচলৰ টিৰাপত সেনাৰ বিনামূলীয়া চিকিৎসা শিবিৰ

Posted by: অক্ষয় প্ৰণব কলিতা June 7, 2018 9:56 pm
army medical; camp

আজি সেনাৰ ডাও ডিভিজনৰ পৃষ্ঠপোষকতাত দেওমালী সেনা শিবিৰে এটা বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে। সেনাৰ দ্বাৰা আয়োজন কৰা এই চিকিৎসা শিবিৰটোৰ দ্বাৰা অৰুণাচলৰ  টিৰাপ জিলাৰ ভিতৰুৱা এলেকাত বাস কৰা দেওমালী, নামচাং, ছিপনি আৰু ওচৰ-পাঁজৰৰ বাসিন্দাসকললৈ চিকিৎসা সেৱা আগবঢ়োৱা হয়।

এই চিকিৎসা শিবিৰত দেওমালী সেনা শিবিৰ, দেওমালী সমুহীয়া স্বাস্থ্য কেন্দ্ৰ, আৰু দিছাম চাহ বাগিচাৰ চিকিৎসা বিষয়াই অংশগ্ৰহণ কৰে। তেওঁলোকে প্ৰায় ২৫০গৰাকী ৰোগীলৈ ৰোগৰ পৰামৰ্শ প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধপাতিও প্ৰদান কৰে।

এই চিকিৎসা সিবিৰত প্ৰাথমিক চিকিৎসা সেৱা কেনেদৰে আগবঢ়াব লাগে তাৰ ওপৰতো এটা প্ৰদৰ্শন কৰা হয়।সেনাৰ সেই উদ্যোগক গাঁওবুঢ়া সমন্বিতে স্থানীয় লোকসকলে শলাগ লয়।