NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ ডিমাচাঙত ২ জন গাঞ্জা সৰবৰাহকাৰীক আটক

Posted by: ছাজিদ খান December 25, 2017 7:07 pm

দেওবাৰে এছ এছ বিৰ ৬১ নং বেটেলিয়নে অৰুণাচল প্ৰদেশৰ ডিমাচাং বনাঞ্চলৰ পৰা এক অভিযান চলাই ২০৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। প্ৰাপ্ত তথ্য মতে  বেটেলিয়নৰ দলটোৱে এক নিৰ্ভৰযোগ্য সূত্ৰৰ আধাৰত এছিছটেণ্ট কমাণ্ডেণ্ট বিপিন কাটাৰেৰ নেতৃত্বত অঞ্চলটোত এক ক্ষিপ্ৰ অভিযান চলাইছিল। এই অভিযান কালত বেটেলিয়ানৰ দলটোৱে দুজনকৈ গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত গাঞ্জা সৰবৰাহকাৰী কেইজনৰ এজনক ঢেকীয়াজুলিৰ চন্দন বসুমতাৰী(২১) আৰু আনজনক ওদালগুৰিৰ গান্দাহলিৰ হেমেন দৈমাৰী বুলি সেনাবাহিনীৰ দলটোৱে চিনাক্তকৰণ কৰিছে। সেনাবাহিনীৰ দলটোৱে জব্দ কৰা গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য কেইবা লাখ টকা হ’ব বুলি সূত্ৰটোৱে কয়। আনহাতে সেনাবাহিনীৰ দলটোৱে ধৃত গাঞ্জা সৰবৰাহকাৰী দুজনৰ লগতে তেওঁলোকৰ পৰা জব্দ কৰা গাঞ্জাখিনি অৰুণাচল প্ৰদেশৰ বেলিমু আৰক্ষী চকীত চমজাই দিয়া বুলি জানিব পৰা গৈছে।