NORTHEAST NOW (Assamese)

অৰুণাচলৰ পুব ছিয়াং জিলাত বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ

June 21, 2018 1:59 pm · এন ই নাও নিউজ

অৰুণাচল প্ৰদেশৰ বন বিভাগে অলপতে ৰাজ্যখনৰ পুব ছিয়াং জিলাৰ ৰাষ্কিন চহৰত এটা বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ (Bengal Slow Loris) উদ্ধাৰ কৰে। বান্দৰটোক পিছত প’বা সংৰক্ষীত বনাঞ্চলত মুকলি কৰি দিয়া হয়।

প্ৰাপ্ত তথ্য মতে চহৰখনৰ স্থানীয় লোকসকলে চহৰখনৰ ফৰেষ্ট ক’লনিৰ ওচৰতে থকা এক জুপুহাৰ মাজত এবছৰীয়া লাজুকী বান্দৰটোক উদ্ধাৰ কৰে। এইটোৰে সৈতে জিলাখনত এইটো বছৰত এতিয়ালৈকে ৫টা লাজুকী বান্দৰ উদ্ধাৰ কৰা হৈছে।

বিগত কিছু দিনৰ পৰা মানুহ থকা ঠাইলৈ এনেদৰে লাজুকী বান্দৰ ওলাই অহা কথাটোত পুব ছিয়াং জিলাৰ বন বিভাগৰ বিষয়া সকলে উদ্বেগ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে যোৱা কেইটামান বছৰত স্থানীয় লোকসকলে জিলাখনৰ বিভিন্ন অঞ্চলত মানুহ থকা ঠাইত ঘুৰি-ফুৰা প্ৰায় ১০টা মান লাজুকী বান্দৰ উদ্ধাৰ কৰিছে। অৱশ্য পিছত বন বিভাগৰ মানুহে আহি উদ্ধাৰ কৰা বান্দৰৰ বিলাকক বনাঞ্চলত মুকলি কৰি দিয়ে।

Related News