NORTHEAST NOW (Assamese)
অসম

অৰুণাচলৰ মুখ্য মন্ত্ৰী খাণ্ডুক সাক্ষাত বিজ্ঞানী ড০ কৃষ্ণা চৌলুৰ

Posted by: ডামেইন লেপচা June 6, 2018 8:58 pm
scientist Dr Krishna Chowlu

বালচামিনাচি (Balsaminaceae) পৰিয়ালৰ অন্তর্গত ইমপেচেনছ  ডৰ্জিখাণ্ডুয়ি নাম দিয়া এবিধ নতুন প্ৰজাতিৰ উদ্ভিদৰ আৱিষ্কাৰ কৰোঁতা ভাৰতীয় উদ্ভিদবিদ্যা জৰীপৰ বিজ্ঞানী ড০ কৃষ্ণা চৌলুৱে আজি অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুক সাক্ষাৎ কৰে।

অৰুণাচলৰ প্ৰয়াত মুখ্য মন্ত্ৰী দৰ্জি খাণ্ডুৰ নামেৰে নামকৰম কৰা এই নতুন প্ৰজাতিৰ উদ্ভিদবিধ ২০১৭ চনৰ ছেপ্টেম্বৰত ৰাজ্যখনৰ টাৱাং জিলাৰ ঝেমিথাং এলেকাৰ পৰা সংগ্ৰহ কৰা হৈছে।

ড০ খাণ্ডুৱে কৈছে যে অৰুণাচলৰ উন্নয়নৰ বাবে প্ৰয়াত মুখ্য মন্ত্ৰী খাণ্ডুৰ অসামান্য বৰঙণিৰ প্ৰতি শ্ৰদ্ধাৰ চিনস্বৰূপে এই উদ্ভিদবিধৰ নাম তেওঁৰ নামেৰে দিয়া হৈছে।

তেওঁ আৰু কৈছে যে এই নামটো বৈজ্ঞানিক সম্প্ৰদায়ৰ মাজত সদায় অমৰ হৈ থাকিব আৰু যিয়ে বালচামিনাচি পৰিয়ালৰ উদ্ভিদৰ ওপৰত অধ্যয়ন কৰিব তেওঁ ইমপেচেনছ ডর্জিখাণ্ডুয়িৰ ওপৰত অধ্যয়ন কৰিব।

এই উদ্ভিদবিধৰ প্ৰচাৰৰ ক্ষেত্ৰত ড০ চৌলুৰ উপৰিও ড০ এছ এছ দাশ আৰু ড০ সৌৰভজ্যোতি বৰায়ো অৱদান যোগাইছিল।

মুখ্য মন্ত্ৰীয়ে এই নতুন পুষ্প উদ্ভিদবিধ আৱিষ্কাৰ কৰাৰ বাবে ড০ চ্যলু আৰু তেখেতত সহযোগীসকলক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে চাও পি চ্যৌলু আৰু নাং বি চৌলুৰ কন্যা ড০ কৃষ্ণা চৌলু হৈছে সংঘ লোকসেৱা আয়োগৰ দ্বাৰা ভাৰতীয় উদ্ভিদবিদ্যা জৰীপত নিয়োজিত একমাত্ৰ অৰুণাচলী বিজ্ঞানী।

এই অনুষ্ঠানত অৰুণাচলৰ উপ মুখ্য মন্ত্ৰী চৌনা মেইন আৰু পৰিকল্পনা বিভাগৰ সংসদীয় সচিব ঝিংনু নামচুমো উপস্থিত আছিল।