NORTHEAST NOW (Assamese)
অৰুণাচল

সোমবাৰে অৰুণাচলৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰাই ভ্ৰমণ কৰিলে লংডিং

Posted by: প্ৰণৱ কুমাৰ দাস January 29, 2018 10:13 pm
Governor of Arunachal Pradesh Brig. (Dr.) B.D. Mishra

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ ড০ বি ডি মিশ্ৰাই সোমবাৰে এদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হয় লংডিং জিলাৰ লংডিঙত। প্ৰথমবাৰৰ বাবে উক্ত ঠাইলৈ অহা ৰাজ্যপালগৰাকীয়ে জিলাখনৰ বিভিন্ন চৰকাৰী বিষয়াসকল, গাঁও বুঢ়া আদিৰ লগত মত বিনিময় কৰে।

মত বিনিময়ৰ সময়তে শিক্ষা, স্বাস্থ্য আৰু নিৰাপত্তা ব্যৱস্থাত গুৰুত্ব প্ৰদান কৰে। তেওঁ কয় যে জিলাৰ উন্নয়নৰ বাবে শান্তিপূৰ্ণ পৰিৱেশ আৰু নিৰাপত্তাব্যৱস্থা অধিক কটকটীয়া হ’ব লাগে।

ৰাজ্যপালগৰাকীয়ে পুনৰ কয় যে শান্তিপূৰ্ণ পৰিৱেশ তথা বিভিন্ন কল্যানমূলক আঁচনি ৰূপায়নত সকলো লোকে আগভাগ লোৱা উচিত। যদিহে নিজৰ অঞ্চল, ৰাজ্য আৰু দেশৰ উন্নয়ন বিচৰা তেন্তে নিজৰ নিজৰ দায়িত্ব পালনৰ পৰা আঁতৰি আহিব নালাগে।

তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে বন্দুক সংস্কৃতিয়ে কেতিয়াও কাৰো উপকাৰ সাধন নকৰে। তদুপৰি যিসকল যুৱক এনেধৰণৰ কাম কাজত নিয়োজিত হৈ আছে সেইসকলক পুনৰ আগৰ ধাৰালৈ উভটি আহিবলৈ অনুৰোধ জনায়।

উক্ত বৈঠকতে ৰাজ্যপালগৰাকীয়ে ধপাত জাতীয় সামগ্ৰীৰ খেতি সন্দৰ্ভত দৃঢ়তাৰে বিৰুদ্ধাচৰণ কৰা দেখা যায়। ধপাত জাতীয় সামগ্ৰীৰ খেতি কৰাৰ পৰিৱৰ্তে অন্য খেতি কৰিবলৈ অঞ্চলবাসীক অনুৰোধ জনায়।

লংডিং চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু লংডিং সমূহীয়া স্বাস্থ্য কেন্দ্ৰও ৰাজ্যপালগৰাকীয়ে পৰিদৰ্শন কৰে।

উক্ত ভ্ৰমণসূচীৰ অন্যতম কাৰ্যসূচী হিচাপে ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক সম্পূৰ্ণ অনুশাসন মানি চলাৰ উপদেশ দিয়ে। আৰু নিজকে খেল ধেমালীতো মনোনিৱেশ কৰাৰ বাবে অনুৰোধ জনায়।

ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰী সকলক নিজকে বন্দুক সংস্কৃতি আৰু ধপাত জাতীয় সামগ্ৰীৰ খেতিৰ বিৰুদ্ধে নোযোৱাৰ বাবে দৃঢ় প্ৰতিজ্ঞাবদ্ধ হ’বলৈ আহ্বান জনায়।

ৰাজ্যপালগৰাকী উপস্থিত হোৱাৰ পূৰ্বে ৰাজ্যপাল মিশ্ৰাৰ পত্নী নিলম মিশ্ৰা লংডিঙত উপস্থিত হৈছিল। নিলম মিশ্ৰাক স্বাগতম জনায় জিলাখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে।

লংডিং ভ্ৰমণসূচী সামৰি ৰাজপালগৰাকীয়ে খোনছালৈ গমন কৰে।