NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশৰ গ্ৰাম্য উন্নয়নৰ বাবে মুকলি কৰিলে বৃহৎ ধন ৰাশি

March 16, 2018 10:19 pm · এন ই নাও নিউজ

অৰুণাচল প্ৰদেশৰ বাবে এক সুখবৰ। কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰীয়ে কেন্দ্ৰীয় আঁচনি  প্ৰধান মন্ত্ৰী গ্ৰাম ছড়ক যোজনাৰ অধীনত ৰাজ্যখনলৈ মুকলি কৰিলে ৩৫১,৫৪,৬১,০০০ টকা।

অৰুণাচলৰ গাওঁ সমূহৰ মাজত উন্নত মানৰ সংযোগ স্থাপন কৰাটোৱে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ প্ৰধান লক্ষ্য।

কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা এই ধন ৰাশি ২০১৭-১৮ বৰ্ষৰ বাৰ্ষিক আৱণ্টনৰ দ্বিতীয়টো কিস্তি, যিটোত Phase-X Batch –II (2013-14)ৰ ২৪৩.৮৮০৭৫ কোটি টকা আৰু Phase – X Batch –III (২০১৩-১৪)ৰ বাবে ১০৭.৬৬৫৩৫ কোটি টকা।

এই আঁচনিৰ অধীনত মুকলি কৰা ধন ৰাশিৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে ধন্যবাদ জ্ঞাপন কৰে। লগতে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাৰ দিশত প্ৰধান মন্ত্ৰীয়ে গ্ৰহণ কৰা উদ্যোগৰো শলাগ লয়।

ইয়াৰ উপৰি অৰুণাচল প্ৰদেশৰ গ্ৰাম্য সংযোগ ব্যৱস্থাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰাৰ বাবেও কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰকো খাণ্ডুৱে ধন্যবাদ জ্ঞাপন কৰে।

তদুপৰি কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা ধন ৰাশিৰ উচিত ব্যৱহাৰ কৰাৰো আশ্বাস প্ৰদান কৰে খাণ্ডুৱে।

Related News