NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশৰ মামঙ দাই আৰু ৰমেশ কুন্তল মেঘলৈ সাহিত্য একাডেমী বঁটা

Posted by: এন ই নাও নিউজ December 22, 2017 9:03 am

অৰুণাচল প্ৰদেশৰ দুই সাহিত্যিক ক্ৰমে মামঙ দাই আৰু ৰমেশ কুন্তল মেঘলৈ তেওঁলোকৰ সাহিত্য কৃতিৰ বাবে এই বছৰৰ সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। মামঙ দাই এ তেওঁৰ ইংৰাজীত লিখা উপন্যাস ‘দা ব্লেক হিল’ ৰ বাবে এই বঁটা লাভ কৰাৰ বিপৰীতে হিন্দীত লিখা সাহিত্য সমালোচনামূলক গ্ৰন্থ ‘ বিশ্ব মিথাক চৰিত সাগৰ’ গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছে।

২০১৪ চনত লিখা ‘দ্য ব্লেক হিল’ উপন্যাসখনৰ বাবে মামঙ দাই এ সাহিত্য একাডেমী বঁটা লাভ কৰিছে। ইয়াৰ আগেয়ে পদ্মশ্ৰী বঁটা লাভ কৰা দাই হৈছে ২৪ গৰাকী ঔপন্যাসিক,কবি আৰু চুটিগল্পৰ লিখকৰ মাজত এই বঁটা লাভ কৰা এগৰাকী সাহিত্যিক। তেওঁ ইংৰাজীৰ বাবে এই বঁটা লাভ কৰিছে।

আনহাতে, সাহিত্য সমালোচক ৰমেশ কুন্তল মেঘে হিন্দী শাখাত তেওঁৰ সমালোচনা সাহিত্যৰ গ্ৰন্থ ‘বিশ্ব মিথাক চৰিত সাগৰ’ ৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা বিশেষ বৰঙণিৰ বাবে প্ৰধান ভাৰতীয় ভাষাৰ সাহিত্যিকলৈ সাহিত্য একাডেমীয়ে এই বঁটা প্ৰদান কৰি আহিছে।

সাহিত্য একাডেমীৰ বঁটাটোত আছে একাডেমীৰ চিহ্ন খোদিত এখন তামৰ ফলক, এখন চাদৰ আৰু ১ লাখ টকাৰ নগদ ধনৰ উপহাৰ। বঁটা বিজয়ীসকলক অহা বছৰৰ ১২ ফেব্ৰুৱাৰীত বঁটাসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব। একাডেমী বঁটা লাভ কৰা সাহিত্য কৃতিসমূহৰ মাজত আছে সাতখন উপন্যাস, পাঁচখনকৈ কবিতা, চুটিগল্প আৰু সাহিত্য সমালোচনাৰ গ্ৰন্থৰ লগতে এখনকৈ নাটক আৰু ৰচনা গ্ৰন্থ।

অৰুণাচল প্ৰদেশ সাহিত্য সভাৰ সভাপতি য়েচে দৰ্জি ঠংচিৰ নেতৃত্বত সভাৰ সদস্যসকলে ৰাজ্যখনৰ বাবে সন্মান কঢ়িয়াই অনাৰ বাবে অভিনন্দন জনায়।

২০০৫ চনত য়েচে দৰ্জি ঠংচিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰাৰ পিছত এই বঁটা লাভ কৰা দাই হৈছে দ্বিতীয়গৰাকী অৰুণাচলী সাহিত্যিক।

বৃহস্পতিবাৰে সাহিত্য একাডেমীয়ে ২০১৭ চনৰ বাবে বাৰ্ষিক একাডেমী বঁটাসমূহ ঘোষণা কৰিছে।

‘’ এই বঁটাৰ বাবে সংশ্লিষ্ট ভাষাৰ তিনিগৰাকী সদস্যৰ এক বিচাৰক মণ্ডলীৰ অনুমোদনৰ ভিত্তিত সাহিত্য একাডেমীয়ে নামসমূহ নিৰ্বাচন কৰে,’’- সাহিত্য একাডেমীৰ সচিব কে শ্ৰীনিৱাস ৰাৱে প্ৰকাশ কৰে।