NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশ লোকসেৱাৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকতৰ খেলিমেলিঃ তদন্ত কমিটি গঠনৰ দাবী

Posted by: এন ই নাও নিউজ December 12, 2017 10:12 am

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিকৰ প্ৰশ্নকাকতত হোৱা খেলিমেলিৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন চলাই অহা আন্দোলনকাৰী শিক্ষাৰ্থীৰ নেতৃত্ব বহনকাৰী কৰ্ণধাৰ সমিতিয়ে লোকসেৱা আয়োগে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে আৰু তিনিমাহৰ ভিতৰত নতুনকৈ পৰীক্ষা পতাৰ দাবী তুলিছে।

সাংবাদিকৰ আগত তেওঁলেকৰ মতামত প্ৰকাশ কৰি কৰ্ণধাৰ সমিতিৰ এগৰাকী সদস্য অধ্যাপক ননী বাথে কয় যে কৰ্ণধাৰ সমিতিয়ে বিশেষজ্ঞ সমিতিক প্ৰত্যাখ্যান কৰিছে। ‘’ প্ৰশ্নকাকতৰ  ভুলসমূহ অতি স্পষ্ট আৰু যিকোনো সাধাৰণ লোকেই সেইবোৰ আঙুলিয়াই দিব পৰিব,’’-তেওঁ কয়।

কৰ্ণধাৰ সমিতিয়ে ইয়াৰ বিপৰীতে এগৰাকী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বা কাৰ্যৰত সত্ৰ ন্যায়াধীশক মুৰব্বী হিচাপে লৈ এখন তদন্ত কমিটি গঠন কৰাটো বিচাৰিছে। লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰত্যাশীসকলেও বিভিন্ন বিষয়ৰ বিশেষজ্ঞসকলৰ সৈতে নিজাববীয়াকৈ বিষয়টোৰ বিশ্লেষণ কৰা বুলি জানিব পৰা গৈছে।

লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সচিবগৰাকীৰ অধীনত এই সকলোবোৰ খেলিমেলি হোৱা বুলি দাবী কৰি কৰ্ণধাৰ সমিতিয়ে কয় যে অধ্যক্ষগৰাকীয়ে নৈতিক দায়িত্ব মূৰ পাতি লৈ পদত্যাগ কৰিব লাগে আৰু পৰীক্ষা নিয়ন্ত্ৰকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

অহা ১৫ ডিচেম্বৰ সময়সীমা বান্ধি দি কৰ্ণধাৰ সমিতিয়ে কয় যে যিদ অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগে তেওঁলোকৰ দাবী পূৰণ কৰাত ব্যৰ্থ হয় তেতিয়াহ’লে এনে বাৰেপাচি ভুলেৰে প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ বাবে দায়বদ্ধ বিষয়াৰ বিৰুদ্ধ এখন এজাহাৰ দাখিল কৰা হ’ব আৰু গণতান্ত্ৰিক আন্দলোন চলাই যোৱা হ’ব।