NORTHEAST NOW (Assamese)
অসম

অৰুণোদয় সাহিত্য চ’ৰাই কাইলৈ কুৰিগৰাকী বিশিষ্ট নগঞাক আগবঢ়াব ‘অৰুণোদয় সন্মান ‘

Posted by: মিন্টূ দাস June 9, 2018 2:00 pm
adp

নগাঁৱৰ অন্যতম ভাষা-সাহিত্য-সংস্কৃতি চৰ্চা আৰু অনুশীলনৰ মুকলি মঞ্চ,   সাহিত্যানুষ্ঠান অৰুণোদয় সাহিত্য চ’ৰাই প্ৰথমবাৰৰ বাবে কুৰিজন বিশিষ্ট নগঞাক ”অৰুণোদয় সন্মান – ২০১৮” প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অহা ১০ জুন তাৰিখে অৰুণোদয় সাহিত্য চ’ৰাৰ পঞ্চম মধ্যকালীন অধিৱেশন তথা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই সন্মান প্ৰদান কৰা হ’ব। নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত দিনৰ এক বজাত অনুষ্ঠিত হ’ব লগা মুকলি সভাত এই সন্মান প্ৰদান কৰা হ’ব।

অৰুণোদয়ে সন্মান প্ৰদান কৰিব  পদ্মশ্ৰী ড° জয়শ্ৰী গোস্বামী মহন্ত, উপেন্দ্ৰ বৰকটকী, তিলক চন্দ্ৰ মজুমদাৰ, জ্ঞানদা বৰা, ড° জ্যোৰ্তিময় জানা, ডাঃ দিলীপ কুমাৰ বৰুৱা, ফনীন্দ্ৰ নাথ গায়ন, গুণীন হাজৰিকা, ৰাজেন বৰকাকতি, যজ্ঞ বেজবৰুৱা, বল্লদেৱ শৰ্মা, অজিত বৰঠাকুৰ, নৌশাদ আখতাৰ হাজৰিকা, ছিৰাজুদ্দিন আহমেদ, লীলা শইকীয়া, গুণ মহন্ত, দেবেন্দ্ৰ সিং সেহমী, সুজিত দাস, নেত্ৰকমল বৰঠাকুৰ আৰু অমিয়া পাটৰক।

অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব আনন্দৰাম বৰুৱা বঁ‌টা প্ৰাপক তথা শংকৰী সাহিত্য-সংস্কৃতিৰ গৱেষক ড° নৰেন কলিতা। অৰুণোদয় সাহিত্য চ’ৰাই এই অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে।