NORTHEAST NOW (Assamese)
উত্তৰ-পূব

আইজল এফ চিক হৰুৱাই আই লীগ পইণ্ট তালিকাৰ শীৰ্ষত মিনাৰ্ভা পাঞ্জাব

Posted by: এন ই নাও নিউজ February 27, 2018 5:59 pm
minerva punjab vs aizawl fc

আইজল এফ চিক ২-০ গ’লত পৰাজিত কৰি আই লীগ ফুটবল প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিছে মিনাৰ্ভা পাঞ্জাবে।

খেলখনৰ প্ৰথমাৰ্ধ গ’লশূন্যভাৱে সমাপ্ত হোৱাৰ পিছত দ্বিতীয়াৰ্ধৰ ৭১ মিনিটত মিনাৰ্ভা পাঞ্জাৱৰ হৈ প্ৰথমটো গ’ল দিয়ে আকাশ চাংৱানে। অতিৰিক্ত সময়ত দলটোৰ হৈ দ্বিতীয়টো গ’ল দিয়ে বিদেশী খেলুৱৈ বাজি আৰ্মাণ্ডে।

সোমবাৰে হোৱা খেলখনত বিজয়ৰ জৰিয়তে আই লীগ পইণ্ট তালিকাৰ শীৰ্ষ স্থানত উপনীত হৈছে মিনাৰ্ভা পাঞ্জাব।

আনহাতে এই পৰাজয়ৰ পিছত পইণ্ট তালিকাৰ ৫ম স্থান পাইছে এই প্ৰতিযোগিতাৰ যোৱাবাৰৰ বিজয়ী আইজল এফ চিয়ে।

পাঞ্জাবৰ লুধিয়ানাৰ পঞ্চকুলাত মিনাৰ্ভা পাঞ্জাবৰ ঘৰুৱা খেলপথাৰত খেলখন অনুষ্ঠিত হৈছিল।