NORTHEAST NOW (Assamese)
অসম

আইফাৰ বঁটাৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ শাখাত মনোনীত হৈছে অসমৰ আদিল হুছেইন

Posted by: এন ই নাও নিউজ May 24, 2018 10:10 am
Adil-Hussain-678x381

অভিনয় দক্ষতাৰ বাবে প্ৰসিদ্ধ হৈ পৰা অসমৰ অভিনেতা আদিল হুছেইন ইণ্ডিয়ান ফিল্ম একাডেমী (আইফা) এৱাৰ্ডৰ শ্ৰেষ্ঠ অভিনেতা (পুৰুষ) শাখাৰ বাবে মনোনীত হৈছে।

ইণ্ডিয়ান ফিল্ম একাডেমী (আইফা) এৱাৰ্ড অনুষ্ঠানটো এই বছৰ জুনত বেংককত অনুষ্ঠিত হ’ব।

পৰিচালক শুভাশিস ভুটিয়ানিৰ ‘মুক্তি ভৱন’ চলচ্চিত্ৰখনত কৰা তেওঁৰ অনবদ্য অভিনয়ৰ বাবে আদিল হুছেইনক মনোনীত কৰা হৈছে।

পিতা-পুত্ৰৰ মাজত থকা সম্পৰ্কক সংবেদনশীল ৰূপত তুলি ধৰা শুভাশিস ভুটিয়ানিৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত আদিল হুছেইনে ৰাজীব নামৰ এজন অনিচ্ছুক পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিছে যি নিজৰ পিতৃৰ শেষ ইচ্ছা অনুসৰি তেওঁক জীৱনৰ অন্তিম দিনকেইটা অতিবাহিত কৰিবলৈ পবিত্ৰ বাৰাণসী চহৰলৈ লৈ যায়।

‘মুক্তি ভৱন’ত কৰা অভিনয়ৰ বাবে তেওঁ কেইবাটাও শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল। তাৰ ভিতৰত আছিল ডি চি ছাউথ এছিয়ান ফিল্ম ফেষ্টিভেল (আমেৰিকা যুক্তৰাষ্ট্ৰ), ৰাজস্থান ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, নিউজ ১৮ ৰীল ম’ভি এৱাৰ্ডছ আৰু ফিল্মছ অফ ইণ্ডিয়া অনলাইন এৱাৰ্ডছত বিশেষ উল্লেখ ইত্যাদি।

উল্লেখযোগ্য যে মুক্তি ভৱন নামৰ হিন্দী চলচ্চিত্ৰখনত কৰা অনবদ্য অভিনয়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতাজনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এন ডি টি ভিৰ ফালৰ পৰা প্ৰকাশিত ২০১৭ বৰ্ষৰ দহজন শ্ৰেষ্ঠ অভিনেতাৰ মাজত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰি মাজৰাতিৰ কেতেকী আৰু মুক্তিভৱনত নামৰ  কৰা অভিনয়ৰ বাবে অভিনেতাজনক ২০১৭ চনৰ ৰাষ্ট্ৰীয় পুৰস্কাৰত বিশেষভাৱে সন্মানিত কৰা হৈছিল।

আদিল হুছেইনৰ অৱিস্মৰণীয় অভিনয়ৰ প্ৰতিফলন ঘটিছে ‘লাইফ অফ পি’, ‘দ্য ৰিলাকটেন্ট ফাণ্ডামেন্টেলিষ্ট’, ‘আনফ্ৰিডম’ আদিত। তেওঁ নৰৱেৰ ‘হোৱাট পীপল উইল ছে’ চলচ্চিত্ৰখনতো অভিনয় কৰিছে।