NORTHEAST NOW (Assamese)
অসম

আগন্তুক নির্বাচনৰ বাবে মেঘালয়ে বিচাৰিছে সুৰক্ষা বাহিনীৰ ১০৭ টা কোম্পানী

Posted by: এন ই নাও নিউজ January 8, 2018 10:16 pm

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মেঘালয়ত আগন্তুক বিধানসভাৰ নিৰ্বাচনত নিয়োগ কৰিবৰ বাবে ১০৭ টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কোম্পানী বিচৰা হৈছে।

মেঘালয়ৰ মুখ্য নিৰ্বাচনী বিষয়া ফ্ৰেডেৰিক খাৰকংগৰে সোমবাৰে সাংবাদিকৰ আগত কয় যে সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ কথাটো ভাৰতৰ নিৰ্বাচন আয়োগৰ আগত দাঙি ধৰা হ’ব আৰু আয়োগে একেদৰে সেয়া কেন্দ্ৰী গৃহ মন্ত্ৰালয়ক অৱগত কৰাব।

‘’ আমি কেন্দ্ৰৰ অনুমোদনৰ বাবে অপেক্ষা কৰিছো,’’-তেওঁ কয়।

হিচাপ অনুসৰি ৰাজ্যখনৰ ৬০ টা বিধানসভা সমষ্টিৰ ৩,০৮২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৫৩৬ টা ভোটগ্ৰহণ কেন্দ্ৰক স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰা হৈছে। ইয়াৰ কাৰণ হৈছে বিদ্ৰোহীৰ ভাবুকিকে ধৰি নিৰ্বাচন কেন্দ্ৰিক হিংসাৰ সম্ভাৱনা ইয়াত আছে। আনহাতে, ৪৪৪ টা ভোটগ্ৰহণ কেন্দ্ৰক ‘জটিল’ ভোটকেন্দ্ৰ হিচাপে বিবেচনা কৰা হৈছে কিয়নো ইয়াত ৰাজনৈতিক শত্ৰুটাৰ লগতে এগৰাকী বিশেষ প্ৰাৰ্থীৰ বাবে ভোটাৰক জোৰকৈ ভোটদান কৰোৱাৰ সম্ভাৱনা আছে।

২০২৫ টা ভোটগ্ৰহণ কেন্দ্ৰক স্বাভাৱিক বুলি ধৰা হৈছে, আন ৬৭ টা ভোটগ্ৰহণ কেন্দ্ৰক ‘স্পৰ্শকাতৰ আৰু জটিল’ বুলি বিবেচনা কৰা হৈছে।

খাৰকংগৰে কয় যে ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিস্থিতি গতিশীল আৰু ভোটদানৰ দিনটোৰ পৰিস্থিতি সলনি হৈ যাব পাৰে। তেওঁ কয় যে নিৰ্বাচনৰ সময়ত সুৰক্ষা বাহিনী নিয়োগৰ ক্ষেত্ৰত ৰাজ্য তথা জিলাৰ পৰিস্থিতি চাই লোৱা হ’ব নিৰ্বাচনী পৰ্যবেক্ষকৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।