NORTHEAST NOW (Assamese)

আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাত ব্যাপকসংখ্যক কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন

January 16, 2018 4:40 pm · এন ই নাও নিউজ
ত্ৰিপুৰাত ব্যাপকসংখ্যক কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন

আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু ৰাজ্যখনৰ বিভিন্ন স্থানত বৃ্হৎসংখ্যক কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হৈছে।

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ধৰ্মনগৰতো কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে মহিলা অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হৈছে।

উল্লেখযোগ্য যে নিৰ্বাচনৰ সময়ত ৰাজ্যখনত বিশৃংখলতা ৰোধৰ বাবে সৰ্বমুঠ ৩০০ টা কেন্দ্ৰী্য় বাহিনী নিয়োগ কৰাৰ কথা।

জানিব পৰা মতে অতি সোন্কালেই নিৰ্বাচন আয়োগে ৰাজ্যখনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিব।

উল্লেখযোগ্য যে যোৱা ৫ জানুৱাৰিত ২৫৬৯২১৬ গৰাকী ভোটাৰৰ নাম সম্বলিত ত্ৰিপুৰাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশিত হৈছিল।

প্ৰথম বাৰৰ বাবে ভোটাৰ তালিকাত তৃতীয় লিংগৰ পছন্দও অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইতিমধ্যে ১১ গৰাকী লোকে এই ভাগত নিজৰ নাম পঞ্জীয়ন কৰিছে।

ৰাজ্যখনৰ মুঠ ২৫৬৯২০৫ গৰাকী ভোটাৰৰ ভিতৰত ১৩০৩২০৫ গৰাকী পুৰুষ আৰু ১২৬৫৭৮৫ গৰাকী মহিলা।

চূড়ান্ত তালিকাখন ত্ৰিপুৰাৰ বিভিন্ন প্ৰান্তৰপৰা অহা দাবী আৰু অভিযোগ সমূহৰ নিষ্পত্তিৰ পিছত প্ৰকাশ কৰা হৈছে।

Related News