NORTHEAST NOW (Assamese)

আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ বিপিএফৰ জোৰদাৰ প্ৰচাৰ অভিযান

January 31, 2018 7:46 pm · ৰিণয় বসোমতাৰি

ধুবুৰী জিলাৰ ২৬ নং বিলাসীপাৰা পশ্চিম আৰু ২৭ নং বিলাসীপাৰা পূব সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে বিপিএফ দলে পূৰ্ণ প্ৰস্তুতি চলাইছে।

ইতিমধ্যে ৰাজ্যৰ ৰাজনৈতিক দলসমূহে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ঠায়ে ঠায়ে দলীয় সভা অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান চলাই থকাৰ সময়তে আজি বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুনগাঁৱত ৭ খন বিপিএফ প্ৰাথমিক কমিটি আৰু ২০ খন পঞ্চায়ত বিপিএফ কমিটিয়ে যৌথভাৱে পঞ্চায়ত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে।

উক্ত সভাত বিপিএফৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী উপস্থিত থাকি আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিপিএফ দলে ২৭ নং বিলাসীপাৰা পূব সমষ্টিৰ ২০ খন পঞ্চায়তেই দখল কৰিব বুলি উল্লেখ কৰে। সাংসদ গৰাকীৰ মতে অহা মাৰ্চ এপ্ৰিল মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

অগপ বিজেপিৰ সতে মিত্ৰতা থকা হেতুকে মিত্ৰদলৰ প্ৰতিপক্ষক নিৰ্বাচনত পৰাজিত কৰিবলৈ যিবোৰ এলেকাত যি দলৰ প্ৰাধান্য আছে  সেইমতে সেইদলৰ প্ৰাৰ্থী দিয়াৰ পোষকতা কৰে সাংসদ দৈমাৰীয়ে।

তেওঁ এআইইউডিএফৰ প্ৰতি ৰাইজৰ বৰ্তমান আস্থা ভংগ হৈছে বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে আজিৰ সভাখনত কংগ্ৰেছ আৰু এআইইউডিএফৰ কেবাগৰাকী নেতা কৰ্মীয়ে বিপিএফত যোগদান কৰে।

কোকৰাঝাৰ জিলাৰ সীমামুৰীয়া বামুনগাঁৱত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনী সভাত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মনো কুমাৰ ব্ৰহ্ম, বিপিএফৰ নেত্ৰী মালতী ৰাণী নাৰ্জাৰীকে ধৰি বিপিএফৰ বহু নেতা কৰ্মী উপস্থিত থাকে ।

Related News