NORTHEAST NOW (Assamese)

আগন্তুক বিধানসভা নির্বাচনৰ বাবে ত্রিপুৰা বিজেপিয়ে প্ৰস্তুত কৰি উলিয়াইছে নির্বাচনী প্রচাৰৰ ৰণনীতি

December 26, 2017 11:15 am · এন ই নাও নিউজ

ভাৰতীয় জনতা পাৰ্টিৰ ত্ৰিপুৰা ৰাজ্যিক সমিতিয়ে অহা বছৰৰ প্ৰথম ভাগতে অনুষ্ঠিত হ’বলগা বিধানসভাৰ নিৰ্বাচনৰ বাবে প্ৰচাৰৰ ৰণনীতি প্ৰস্তুত কৰি উলিয়াইছে।

ত্ৰিপুৰা বিজেপিৰ সূত্ৰই জনোৱা মতে অলপতে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখন ভ্ৰমণ কৰাৰ সময়তেই ৰাজ্যখনত দলৰ প্ৰচাৰৰ ৰণনীতি চূড়ান্ত কৰা হৈছে।

এই ৰণনীতি অনুসৰি  বিগত বহু বছৰ ধৰি বাওঁপন্থীৰ ঘাটি হিচাপে পৰিচিত হৈ অহা ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ সমষ্টিত কমেও ৬০ খন বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰা হ’ব। ৰাজ্যিক বিজেপিৰ সূত্ৰই লগতে জানিব দিয়া অনুসৰি এই গণ সমাৱেশসমূহত  ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা উপস্থিত থাকিব।

দলৰ সূত্ৰ অনুসৰি বিজেপি শাসিত বিভিন্ন ৰাজ্যৰ ৬ৰ গৰাকী সাংসদ, বিধায়ক আৰু মন্ত্ৰীৰ এটি দলে ৰাজ্যখনত নতুন বৰ্ষৰ আৰম্ভণিৰ পৰা নিৰ্বাচনৰ দিনলৈকে প্ৰচাৰিভিযান চলাব।

বিজেপিৰ ৰাজ্যিক সভাপতি বিপ্লৱ কুমাৰ দেবে কয় যে তৃণমূল পৰ্যায়ত ইতিমধ্যে প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে। প্ৰচাৰ পৰিকল্পনা সম্পৰ্কে বাখ্যা কৰি দেবে ব্যক্ত কৰে যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অহা জানুৱাৰীৰ ৭ তাৰিখে দক্ষিণ ত্ৰিপুৰাৰ উদয়পুৰ আৰু ঢালাইৰ আমবাছাৰ দুখন ৰাজহুৱা সভাত ভাষণ দিব।

দলৰ আভ্যন্তৰীণ সূত্ৰ অনুসৰি আসন বুজাবুজিক বাদ দি বিজেপিয়ে ৰাজ্যখনৰ ইণ্ডিজেনাছ নেশ্যনেলিষ্ট পাৰ্টি অফ ত্ৰিপুৰা, দ্য নেশ্যনেল কনফাৰেন্স অফ ত্ৰিপুৰা আৰু ইণ্ডিজেনাছ পিপুল’ছ ফ্ৰন্ট অফ ত্ৰিপুৰাৰ সৈতে মিত্ৰতা কৰিবলৈ সন্মত হৈছে।

ৰাজ্যিক বিজেপিৰ নেতাই প্ৰকাশ কৰিছে যে বাওঁমৰ্চা শাসিত ৰাজ্যখনত সফলতা কঢ়িয়াই অনাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই এটা নতুন পৰিৱেশ সৃষ্টি কৰিব আৰু দলক পথ নিৰ্দেশনা দিব। দুই বছৰ আগতে নিজৰ গৃহ ৰাজ্যত কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰা শৰ্মাই অগ্ৰাধিকাৰ ভিত্তিত অঞ্চলসমূহ  চিনাক্ত কৰিছে আৰু তাৰকা প্ৰচাৰকৰ তালিকা প্ৰস্তুত কৰিছে।

হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ত্ৰিপুৰাৰ নিৰ্বাচনৰ দায়িত্ব অৰ্পণ কৰিছে। তেওঁ বিজেপিৰ নেতৃত্বত গঠিত আঞ্চলিক দলসমূহৰ মিতেৰজোঁট নৰ্থ ইষ্ট ডেম’ক্ৰেটিক এলায়েন্সৰো (নেডা)ৰ আহ্বায়ক।

Related News